September 8, 2024 11:35 AM

২০২৮ চনৰ ভিতৰত  উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল যাতায়াত সুচল হৈ উঠিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাৰ প্ৰকাশ

অসমত ৰে'লপথ বৈদ্যুতিকীকৰণৰ কাম ৬৫ শতাংশ সম্পূৰ্ণ হৈছে আৰু অহা বছৰৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্য অনুসৰি ১০০ শতাংশই সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ৰে’লপথ বৈদ্যুতিকীকৰণৰ ফলত ইন্ধন ৰাহি হোৱাৰ লগতে ৰে’ল যাত্ৰা দ্রুত হৈ উঠিব। বৈদ্যুতিক ইঞ্জিনৰ কাৰ্যক্ষমতা অধিক হোৱাৰ ফলত ৰে’লযাত্ৰা সুচল হোৱাৰ উপৰি বিত্তীয় ক্ষেত্ৰতো বাহি হ'ব বুলি তেওঁ কয়। একেদৰে ৰাজ্যখনৰ বিভি...

June 2, 2024 1:25 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে’লৰ চলাচল বাতিল

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ লামডিং সংমণ্ডলৰ অধীনস্থ কেইবাখনো ৰে'ল চলাচল বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই নিউ হাফলং-চন্দ্ৰনাথপুৰৰ মাজৰ ৰে'ল পথৰ ক্ষতিসাধন আৰু শিলচৰ ষ্টেচনত পানী জমা হোৱাৰ বাবে পথচোৱাৰে চলাচল কৰা কেইবাখনো ৰে'লগাড়ীৰ যাত্রা বাতিল কৰিছে। আজি আৰু কাইলৈ শিলচৰ-গুৱাহাটী ৰে'ল, গুৱাহাটী-শিলচৰ ৰে'ল, শিলচৰ-জিৰিবাম ছিৰিবা ৰে'ল, জিৰিবাম ছিৰিবা-শিলচৰ ৰে'ল, শিলচৰ-মণিপুৰ ভৈৰৱী ৰে'ল, দুৰ্লভচাৰ-শিলচৰ ৰে'ল আৰু দুর্লভচাৰ-গুৱাহাটী ৰে'লকে ধৰি মুঠ ৮খন ...

May 19, 2024 8:56 PM

গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভীৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিশেষ ৰেলৰ ব্যৱস্থা

উত্তৰ পূৱ সীমান্ত ৰেলৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভীৰ নিয়ন্ত্ৰণৰ বাবে কেইখনমান ৰেলৰ চলাচল নাইবা যাত্ৰাৰ সময় বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এই অনুসৰি গুৱাহাটীৰ পৰা বেংগালুৰু অভিমুখী প্ৰতি বুধবাৰে পুৱা ৬ বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি শুকুৰবাৰে দিনৰ ১০ বজাত বেংগালুৰুত উপস্থিত হোৱা বিশেষ ৰেলখন ২৯ মে'ৰ পৰা ১২ জুন পর্যন্ত চলাচলৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। ওভতনি যাত্ৰাত ৰেলখনে প্রতি দেওবাৰে ১২-৩০ বজাত বেংগালুৰুৰ পৰা যাত্ৰা কৰি পুৱা ৫-৩০ বজাত গুৱাহাটীত উপস্থিত হোৱা এই বিশেষ ৰেলখন ২৬ মে'ৰ পৰা ৯ জুন পর্...