September 21, 2024 9:25 PM

উত্তৰ-পূব সীমান্ত ৰে’লৱে সুৰক্ষা বাহিনীৰ ১-১৫ ছেপ্টেম্বৰলৈ ২৬.৪৮ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্রী জব্দ

উত্তৰ-পূব সীমান্ত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৰে’লত নিষিদ্ধ সামগ্ৰী পৰিবহণৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি যোৱা ১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ ২৬ লাখ ৪৮ হাজাৰ টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্রী জব্দ কৰে। এই সময়ছোৱাত বাহিনীয়ে নিষিদ্ধ সামগ্ৰী পৰিবহণত জড়িত থকাৰ অভিযোগত ৯ জন লোকক কৰায়ত্ত কৰে। উল্লেখযোগ্য যে চলিত বছৰৰ জানুৱাৰীৰ পৰা আগষ্টপর্যন্ত ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২৩ কোটি ৫০ লাখ টকাৰো অধিক মূল্যৰ নিষিদ্ধ নাইবা চোৰাং সামগ্রী জব্দ কৰে। এই সন্দৰ্ভত এই সময়ছোৱাত ২৮৩ জন চোৰাং সৰবৰাহকাৰীকো কৰায়ত্ত ক...