June 26, 2024 8:20 PM

নতুন ফৌজদাৰী আইন পহিলা জুলাইৰ পৰা প্ৰযোজ্য

নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ পহিলা জুলাইৰ পৰা প্ৰযোজ্য হ'ব। সংসদৰ শীতকালীন অধিবেশনৰ সময়ত এই বিধেয়ককেইখন গৃহীত হৈছে। নতুন আইন তিনিখন ভাৰতীয় নাগৰিকৰ সৱলীকৰণৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। সকলোৰে বাবে সুলভ, সহায়ক আৰু দক্ষ ন্যায় ব্যৱস্থা গঢ়ি তোলাই এই আইনকেইখনৰ মূল উদ্দেশ্য। নতুন ফৌজদাৰী আইনকেইখনৰ ঘাই ব্যৱস্থাসমূহৰ ভিতৰত ঘটনাৰ অনলাইন অৱগতকৰণ, যিকোনো আৰক্ষী থানাত এজাহাৰ ৰুজু কৰা আৰু ঘটনাৰ বলি হোৱাসকলক এজাহা...

June 11, 2024 11:46 AM

নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অধিবক্তা মাখন ফুকনৰ অভিমত

নতুন ফৌজদাৰী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অধিবক্তা মাখন ফুকনে অভিমত প্রকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ কালি প্ৰচাৰিত চলন্তিকা অনুষ্ঠানত অধিবক্তাগৰাকীয়ে অহা ১ জুলাই পৰা কাৰ্যকৰী হ'বলগীয়া ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম সন্দৰ্ভত বিশ্লেষণ আগবঢ়ায়। সময় পৰিৱৰ্তনৰ লগে লগে ভাৰতীয় ন্যায় ব্যৱস্থাটো ব্যাপক সংশোধনৰ প্ৰয়োজন আছিল আৰু এই ক্ষেত্ৰত নতুন আইন কেইখনে এই প্রয়োজনীয়তা পূৰণ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে। পূৰ্বৰ ভাৰতীয় দণ্ডবিধি আইনৰ সংশোধ...