June 13, 2024 4:43 PM

NEET-UG প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১,৫৬৩ গৰাকী পৰীক্ষাৰ্থীক ২৩ জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে

NEET UG প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১,৫৬৩ গৰাকী পৰীক্ষাৰ্থীক অহা ২৩ জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে। চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ক জনোৱা অনুসৰি গ্ৰেছ নম্বৰ লাভ কৰা এই পৰীক্ষাৰ্থীসকলৰ ফলাফলৰ পুনৰ বিবেচনা কৰাৰ বাবে এখন কমিটী গঠন কৰা হৈছে। অহা ৩০ জুনৰ পূৰ্বে এই ফলাফলসমূহ ঘোষণা কৰা হ'ব। এন টি এৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে দাখিল কৰা এখন আবেদনত কোৱা হৈছিল যে প্ৰশ্নকাকত ফাদিলৰ লগতে অন্যান্য বিভিন্ন খেলিমেলিৰ মাজত যোৱা ৫ মে'ত এই প্...

May 6, 2024 8:46 PM

২০২৪ বৰ্ষৰ NEET-UG প্ৰশ্নকাকত ফাদিল হোৱা বুলি দাবী কৰা প্ৰতিবেদনক ভিত্তিহীন বুলি অভিহিত NTA ৰ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ NTAয়ে ২০২৪ বৰ্ষৰ NEET-UG প্ৰশ্নকাকত ফাদিল হোৱা বুলি দাবী কৰা প্ৰতিবেদনক ভিত্তিহীন বুলি অভিহিত কৰিছে। এন টি এয়ে এক বিবৃতিত কয় যে যিকোনো কাগজ ফাদিলৰ দিশলৈ আঙুলিয়াই দিয়া ছচিয়েল মিডিয়া পোষ্টবোৰ সম্পূৰ্ণ ভিত্তিহীন আৰু ইয়াৰ কোনো ভিত্তি নায়। সংস্থাটোৱে কৈছে যে কালি ৫৭১খন চহৰৰ চাৰি হাজাৰ ৭৫০টা কেন্দ্ৰত NEET (UG) ২০২৪ সফলতাৰে অনুষ্ঠিত কৰা হৈছে। এন টি এয়ে জনোৱা মতেৰাজস্থানৰ ছাৱাই মাধোপুৰৰ এটা কেন্দ্ৰত পৰীক্ষা সমাপ্ত হোৱাৰ আগতেই একাংশ ছাত্র-ছাত্রীয়ে বলপূর্বকভাৱে প...