September 10, 2024 9:18 PM
গুৱাহাটীৰ নেডফি হাউছত দুদিনীয়াকৈ ‘ভাৰতত মিলেট উৎপাদনৰ প্ৰচাৰ’ শীৰ্ষক কাৰ্যসূচী
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন নিগমৰ উদ্যোগত গুৱাহাটীৰ নেডফি হাউছত আজিৰে পৰা দুদিনীয়াকৈ ‘ভাৰতত মিলেট উৎপাদনৰ প্ৰচাৰ’ শীৰ্ষক এটি কাৰ্যসূচী অনুষ্ঠিত হৈছে। কৃষকসকলৰ মাজত মিলেটৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি আৰু লাভালাভৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মিলেটৰ উপকাৰিতা, পুষ্টিকৰ গুণ আৰু ইয়াক চাউলৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা দিশসমূহৰ ওপৰত আলোকপাত কৰা হয়। অনুষ্ঠানটোত জনসাধ...