August 10, 2024 7:32 PM
প্ৰসাৰ ভাৰতী বোৰ্ডৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগলৰ মুম্বাই আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন
প্ৰসাৰ ভাৰতী বোৰ্ডৰ অধ্যক্ষ নৱনীত কুমাৰ ছেহগলে আজি মুম্বাইৰ আকাশবাণী কেন্দ্ৰ পৰিদৰ্শন কৰে আৰু আকাশবাণী তথা দূৰদৰ্শনৰ বিষয়ে বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শ্ৰী ছেহগলে বিষয়াসকলক অনুষ্ঠান প্রস্তুত কৰাৰ সময়ত শ্ৰোতাসকলৰ ৰুচিৰ কথা বিবেচনা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। দেশৰ চুকে-কোণে আকাশবাণীক ভালপোৱা লোক আছে বুলি উল্লেখ কৰি অধক্ষ্যগৰাকীয়ে মহিলা, যুৱ প্ৰজন্ম আৰু খেতিয়কসহ বিভিন্ন শ্রেণীৰ শ্ৰোতাৰ বাবে অনুষ্ঠান প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে। তেওঁ লগতে পৰিৱৰ্তিত জীৱনশৈলী অনুযায়ী একাংশ অনুষ্ঠানৰ পৰ্য...