August 23, 2024 1:18 PM
সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন
সমগ্ৰ দেশত আজি প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হবলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰে। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে Touching Lives while Touching the Moon : India's Space Saga অর্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰা - ভাৰতৰ মহাকাশ যাত্ৰা৷ এই বিষয়বস্তুৱে সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে ৰ'বটিক্স প্রতিযোগিতা আৰু ভাৰতীয় মহাকাশ হেক...