June 21, 2024 12:58 PM

পৰ্যটকৰ বাবে কালিৰেপৰা মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে কালিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হয়। উল্লেখযোগ্য যে ২০২৩-২৪ পর্যটন বৰ্ষত মানস ৰাষ্ট্ৰীয...

June 1, 2024 6:16 PM

চলিত পর্যটন বৰ্ষৰ বাবে মানস ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি

মানস ৰাষ্ট্ৰীয় উদ্যানত চলিত পর্যটন বৰ্ষৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী বন সংমণ্ডল বিষয়াই প্রকাশ কৰা মতে, এই সন্দৰ্ভত আজি জাননী জাৰি কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্রবেশদ্বাৰ ৫ জুনত বন্ধ কৰা হ'ব বুলি জাননী দিয়া হৈছিল। বাৰিষাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছিল যদিও পৰ্যটকৰ আগমন অব্যাহত থকাৰ লগতে বাট-পথ সূচল হৈ থকালৈ লক্ষ্য ৰাখি জীপ চাফাৰীৰ সুবিধা ২০ জুনলৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰৰ প...