March 31, 2024 7:02 PM
দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ মিত্ৰজোট আই এন ডি আই এৰ প্ৰতিবাদী সমাবেশ
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰকে ধৰি কেইবাটাও বিষয়ক লৈ বিৰোধী দলৰ মিত্ৰজোট আই এন ডি আই এ আজি দিল্লীৰ ৰামলীলা ময়দানত সমাবেশৰ আয়োজন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই সমাবেশত অংশগ্ৰহণ কৰি কেইবাজনো বিৰোধী নেতাই দৃঢ়তাৰে কৈছে যে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে এই সমাবেশৰ আয়োজন কৰা হৈছে। যোৱা বছৰৰ জুন মাহত পাৰ্টনাত মিত্ৰজোট গঠন হোৱাৰ পাছত আই এন ডি আই এৰ নেতাসকলৰ এইখনেই হব প্ৰথমখন ৰাজহুৱা সভা। ভাৰতীয় জনতা পাৰ্টীয়ে বিৰোধীৰ এই সমাবেশৰ তীব্ৰ বিৰোধিতা কৰি কৈছে যে এয়া কোনো গণতন্ত্ৰ ৰ...