June 15, 2024 10:14 AM

অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লবেল ছাউথ অর্থাৎ অনুন্নত ৰাষ্ট্ৰ বিশেষকৈ আফ্ৰিকাৰ সৈতে জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। ইটালীৰ অপুলিয়াত অনুষ্ঠিত G-7 শীর্ষ সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয় যে, ভাৰতৰ অধ্যক্ষতাত আফ্ৰিকীয় সংঘক G-20 ৰাষ্ট্ৰ গোষ্ঠীৰ স্থায়ী সদস্য পদ প্ৰদান কৰাটো দেশৰ বাবে গৌৰৱৰ কথা। শ্রীমোদীয়ে কয় যে, ভাৰতে ২০৭০ বৰ্ষলৈকে শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। ভাৰতৰ মিছন লাইফৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্ব...

June 14, 2024 7:59 PM

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত অনুষ্ঠিত জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্রী মোদীয়ে আজি বিয়লি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ'ক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ শিক্ষা, জলবায়ু, পৰিৱৰ্তনৰ বিৰূপ প্রভাৱ প্ৰতিৰোধী ব্যৱস্থা, ডিজিটিয় ৰাজহুৱা আন্তঃগাঁথনি, গুৰুত্বপূৰ্ণ প্ৰযুক্তি, যোগাযোগ আৰু সংস্কৃতিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। তেওঁলোকে ল...

June 14, 2024 7:39 PM

G-7 শীৰ্ষ সন্মিলনত কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ

ইটালীৰ অপুলীয়াত অনুষ্ঠিত জি-ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ক সাক্ষাৎ‍ কৰি প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ শিক্ষা, জলবায়ু পৰিৱৰ্তন আদি বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই মেক ইন্‌ ইণ্ডিয়া উদ্যমত বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক আসন্ন পেৰিছ অলিম্পিক আৰু পেৰালিম্পিক ক্রীড়...

June 14, 2024 5:38 PM

ইটালীৰ অপুলীয়াত প্রধানমন্ত্ৰী মোডীয়ে G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ইটালীৰ অপুলীয়াত হ'বলগীয়া G-7 আউটৰীচ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীমোডী যোৱা নিশা ইটালীৰ প্ৰধানমন্ত্রী জিঅ'জিয়া মেল'নিৰ নিমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত হয়। ভাৰতবৰ্ষক এইবেলি জি-ছেভেন শীৰ্ষ সন্মিলনলৈ আউটৰীচ ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে আজি বিভিন্ন দেশৰ কেইবাগৰাকীও নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধিৰ জয়ছৱালে সামাজিক মাধ্যমযোগে প্রকাশ কৰা দ...

June 14, 2024 5:00 PM

যোগাসনক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ পূব প্ৰদেশৰ ৰাজ্যপাল সেনথিল থোণ্ডামনৰ

ভাৰতৰ উচ্চ আয়োগ আৰু শ্ৰীলংকাৰ পূব প্ৰদেশৰ পৰ্যটন ব্যুৰোৰ উদ্যোগত আজি ট্ৰিকোমালীৰ মেক হেইজাৰ ষ্টেডিয়ামত যোগাসানৰ বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰায় ৫ হাজাৰ ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ সদস্যই অংশগ্ৰহণ কৰে। পূব প্ৰদেশৰ ৰাজ্যপাল সেনথিল থোণ্ডামনে, যোগাসনক বিশ্বজুৰি জনপ্ৰিয় কৰি তোলাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। দহ দিনিয়া যোগ মহোৎসৱৰ অংশহিচাপে অনুষ্ঠিত এই কাৰ্যসূচী ২২ জুনত কলম্বোত সামৰণি পৰিব।

June 14, 2024 4:51 PM

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীৰ ত্রিকোণাসন কৰি থকা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ

অহা ২১ জুনত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্রিকোণাসন কৰি থকা এটা ভিডিঅ' সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ভিডিঅ'টোৰ যোগে এই আসন পর্যায়ক্রমে কেনেদৰে কৰিব লাগে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আসনবিধৰ উপকাৰিতা সম্পৰ্কে বৰ্ণনা কৰা হৈছে। ভিডিঅ'টি প্ৰচাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কান্ধ, পিঠি আৰু মনোযোগ বৃদ্ধিৰ বাবে ত্রিকোনাসনৰ অভ্যাস কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

June 13, 2024 8:37 PM

G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G-7 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অ’পুলিয়ালৈ বুলি ৰাওনা হৈছে। যাত্ৰাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্ৰী মোদীয়ে কয় যে, ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ মাজত থকা সহযোগিতা সুদৃঢ় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধ পৰিকৰ। শ্ৰী মোদীয়ে কয় যে, একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো বিদেশ ভ্রমণ। তেওঁ কয় যে, যোৱা বছৰ ইটালীৰ প্ৰধানমন্ত্রী জিঅ'জিয়া মেলানিৰ ভা...

June 13, 2024 7:25 PM

ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধঃ মোডী

ভাৰতে ইটালীৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰি তোলাৰ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধিৰ প্ৰতি দায়বদ্ধ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছে। কাইলৈ হবলগীয়া জি-ছেভেন শীর্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্রীয়ে এটা বিবৃতিত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে তৃতীয়টো শাসন কালত প্ৰথম বাৰৰ বাবে তেওঁ ইটালীলৈ ৰাওনা হ'ব। আনহাতে, ইটালীৰ প্ৰধানমন্ত্রী জর্জিয়া মেলনিৰ যোৱা বছৰত দুবাৰকৈ ভাৰত ভ্ৰমণে দেশখনৰ সৈতে ...

June 13, 2024 4:35 PM

জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী ইটালীলৈ বুলি ৰাওনা হ’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ’ব। বিদেশ সচিব বিনয় কোৱাট্টাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এই কথা প্রকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ হ’ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীকোৱাট্টাই কয় যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু গ্লোৱেল চাউথৰূপে পৰিচিত ৰাষ্ট্ৰৰ সমূ...

June 12, 2024 12:25 PM

যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ প্রধানমন্ত্ৰী মোডীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোগক নিজৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাইছে। অহা ২১ জুনত হ'বলগীয়া দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমৰ এটা বার্তাযোগে প্রধানমন্ত্রীয়ে কয় যে যোগ হৈছে একতা আৰু সমন্বয়ক উদযাপন কৰা শাশ্বত অনুশীলন। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিশেষ কাৰ্যসূচীৰ হাতত লোৱা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা মোডী কা পৰিবাৰ বাক্যশাৰী আঁতৰ কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে। তেওঁ সাম...