September 12, 2024 1:18 PM

কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনি অথবা ব্যক্তিগত স্বাস্থ্য বীমা আঁচনিৰ নাগৰিকসকলেও আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সুবিধা লাভ কৰিব

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নির্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি কালি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনি ৰূপায়ণৰ বাবে প্ৰাৰম্ভিকভাৱে ৩ হাজাৰ ৪৩৭ কোটি টকা মঞ্জুৰ কৰা হৈছে আৰু পৰ্যায় ক্ৰমে এই ধনৰ আৱণ্টন বৃদ্...

September 12, 2024 12:21 PM

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ’ব

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত আয় নিৰ্বেশেষে ৭০ বছৰ আৰু তাৰ উৰ্দ্ধৰ বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকক সামৰি লোৱা হ'ব। ইয়াৰ জৰিয়তে ৪ কোটি ৫০ লাখ পৰিয়াল উপকৃত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে কালি এই ক্ষেত্ৰত যাৱতীয় অনুমোদন জনায়। কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি কালি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনি ৰূপায়ণৰ বাবে প্ৰাৰম্ভিকভাৱে ৩ হাজাৰ ৪৩৭ কোটি টকা মঞ্জুৰ কৰা হৈছে আৰু পৰ্যায় ক্ৰমে এই ধনৰ আৱণ্টন বৃদ্...

September 11, 2024 2:49 PM

বৰ্তমানৰ যুগটো হ’ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ'ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃদ্ধিৰ প্ৰতি চৰকাৰে মনোনিৱেশ কৰিছে। গ্ৰেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ দেশত বৈদ্যুতিন আৰু অৰ্ধপৰিবাহী উদ্...

September 11, 2024 10:14 AM

প্রধানমন্ত্রী মোদীয়ে গ্রেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া-২০২৪ সন্মিলন মুকলি কৰিব

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি গ্রেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি কৰিব। এই তিনিদিনীয়া সন্মিলনৰ মূল বিষয়বস্তু হৈছে অর্ধপৰিবাহীৰ ভৱিষ্যৎ গঢ় দিয়া। সন্মিলনত ভাৰতক অর্ধপৰিবাহীব গোলকীয় কেন্দ্র ৰূপে গঢ় দিয়াব উদ্দেশ্যে দেশে গ্রহণ কৰা অৰ্ধপৰিবাহী ৰণকৌশল আৰু নীতিৰ বিষয়ে আলোকপাত কৰা হ'ব। কালি নতুন দিল্লীত অর্ধপৰিবাহী কাৰ্যবাহীসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কবি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে ভাৰতৰ বিবিধতাৰে ভৰে অর্ধপৰিবাহী যোগান শৃংখলাত বিশ্বাসী সহযোগী হোৱাৰ সামর্থ্য আছে...

September 7, 2024 6:22 PM

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ ছেপ্তেম্বৰ

প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২৫ৰ বাবে মনোনয়ন দাখিল অন্তিম দিন ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। এই বঁটাৰ জৰিয়তে শিশুসকলৰ মাজত থকা শক্তি, দৃঢ়তা আৰু যোগ্যতাক উৎসাহ যোগোৱা হয়। ৫ বছৰ বয়সৰ ঊৰ্ধৰ আৰু ১৮ বছৰ বয়সৰ তলৰ শিশুক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হয়। উল্লেখযোগ্য যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে প্ৰতি বছৰে জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰে। এই বছৰৰ বঁটা প্ৰাপকসকলৰ নাম ২৬ ডিচেম্বৰৰ বীৰ বাল দিৱসত ঘোষণা কৰা হ'ব।

September 6, 2024 8:05 PM

মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত প্রধানমন্ত্ৰী মোদীৰ আলোকপাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাত শিক্ষা গ্ৰহণৰ গুৰুত্বত আলোকপাত কৰিছে। নতুন দিল্লীৰ বাসগৃহত আজি বিয়লি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্রীসকলৰ সৈতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰি শ্ৰীমোদীয়ে এই কথা সদৰী কৰে। তেওঁ শিক্ষকসকলে বিভিন্ন ভাষাত শিক্ষার্থীসকলক স্থানীয় সাধুকথা ক'বলৈ পৰামৰ্শ আগবঢ়ায়, যাতে শিক্ষার্থীসকলে ভিন ভিন ভাষা শিকিব পাৰে আৰু ভাৰতৰ সজীৱ সংস্কৃতিৰ পৰিচয় লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, শিক্ষক-শিক্ষয়িত্রীসকলে শিক্ষাৰ্থীসকলক দেশৰ ...

September 6, 2024 6:47 PM

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ চুৰাটত জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ চুৰাটত জল সঞ্চয় জন ভাগিদাৰী কাৰ্যসূচী মুকলি কৰে। প্ৰধানমন্ত্ৰী মোদীৰ সহযোগিতামূলক জল ব্যৱস্থাপনাৰ দৃষ্টিভংগীৰে ৰূপায়ণ হৈ থকা জলশক্তি অভিযানঃ বৰষুণৰ পানী সংৰক্ষণ অনুসৰি এই কাৰ্যসূচী লোৱা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে গুজৰাটৰ বৰষুণৰ পানী সংৰক্ষণৰ পৰিকাঠামো ৰূপায়ণৰ বাবে জনসাধাৰণ, স্থানীয় নিকায়, উদ্যোগ আৰু অন্য পক্ষসমূহক ঐক্যবদ্ধ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত সমূহীয়া সহযোগিতাৰে গুজৰাটৰ বিভিন্ন অংশত বৰষুণৰ ...

September 5, 2024 8:20 PM

ভাৰত-ছিংগাপুৰৰ মাজত ৪ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্ৰযুক্তি আৰু ভাৰত-ছিংগাপুৰ অৰ্ধপৰিবাহী প্রণালী বিষয়ক সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে লগতে উভয় দেশৰ মাজৰ সম্পৰ্কক সর্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ ফলত ভাৰতৰ এক্ট ইষ্ট নীতিয়ে প্ৰসাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ মাজত আজি অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়...

September 5, 2024 6:17 PM

ভাৰত আৰু ছিংগাপুৰৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্রযুক্তি আৰু অৰ্ধপৰিবাহীৰ অৰ্থ ব্যৱস্থাৰ সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে সংহত কৌশলগত সহযোগিতাক অধিক ত্বৰান্বিত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ভাৰতৰ এক্ট ইষ্ট নীতিয়ে গুৰুত্বপূৰ্ণ প্ৰসাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ মাজত আজি অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছিংগাপুৰত অ...

September 5, 2024 6:05 PM

শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে এই দিনটো হৈছে দেশৰ যুৱ চামক গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক কৃতজ্ঞতা জ্ঞাপনৰ এটা উপলক্ষ্য। শ্ৰী মোদীয়ে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত সৰ্বেপল্লী ৰাধাকৃষ্ণণক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছে। তেওঁৰ স্মৃতি সুঁৱৰি আজিৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।