May 7, 2024 2:44 PM

ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছেঃ প্ৰধানমন্ত্ৰী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত বৰ্তমান ইতিহাসৰ জটিল সন্ধিক্ষণত উপস্থিত হৈছে। মধ্য প্ৰদেশৰ খাৰগনেত এখন জনসভাত ভাষণ দি শ্রী মোদীয়ে কয় যে আই এন ডি আই জোঁটে তেওঁলোকৰ বংশানুক্রমিকতা অব্যাহত ৰখাৰ বাবেহে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিৰোধী মৰ্চাৰ নেতাসকলে দেশ আৰু জনসাধাৰণৰ প্ৰতি থাকিবলগীয়া আগ্রহ হেৰুৱাই পেলাইছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। ভাষণ প্ৰসংগত শ্ৰী মোদীয়ে এন ডি এ চৰকাৰে যোৱা ১০ বছৰত সমাজৰ দুৰ্বল শ্ৰেণী, জনজাতি, কৃষক আৰু মহিলাসকলৰ বাবে গ্ৰহণ কৰা বিভিন্...

May 7, 2024 12:27 PM

পুৱা প্ৰায় ৭.৩০ বজাত প্রধানমন্ত্ৰী মোদীৰ ভোটাধিকাৰ সাব্যস্ত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধী নগৰ সমষ্টিৰ অন্তৰ্গত আহমেদাবাদৰ নিছান হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভোটকেন্দ্ৰত পুৱা প্ৰায় ৭.৩০ বজাত ভোটাধিকাৰ সাব্যস্ত কৰে। এই সমষ্টিত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছে। ভোটদান কৰি প্ৰধানমন্ত্ৰীয়ে ভোটকেন্দ্ৰটোৰ সাধাৰণ ভোটদাতাসকলৰ সৈতে মত-বিনিময় কৰে। তেওঁ প্ৰাৰ্থী তথা গৃহমন্ত্ৰী শ্বাহৰ সৈতে সাধাৰণ লোকৰ শুভেচ্ছাও গ্রহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি কয় যে, ভোটদান মহত্বপূৰ্ণ দান আৰু ভাৰতৰ...

May 6, 2024 2:18 PM

সু-শাসন সদায়ে আমাৰ দলৰ মূল কেন্দ্ৰবিন্দু হৈ আহিছেঃ মোদী

◊ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সু-শাসন সদায়ে আমাৰ দলৰ মূল কেন্দ্ৰবিন্দু হৈ আহিছে। ওড়িশাৰ গঞ্জম জিলাৰ বেৰহামপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত‍ কানিচিত এখন জনসভা সম্বোধন কৰি তেওঁ এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু ছট্টিশগড়ৰ উদাহৰণ দিয়ে, য'ত বিজেপিৰ চৰকাৰ আছে আৰু এই ৰাজ্যসমূহত শাসনলৈ উভতি অহাৰ পাছত যথেষ্ট উন্নতি সাধন হৈছে। তেওঁ ওড়িশাত ভাৰতীয় জনতা দলৰ শাসনভাৰ গ্ৰহণ কৰিলে, এনেধৰণৰ উন্নতিয়েই হ'ব বুলি প্রতিশ্রুতি দিয়ে। শ্রী মোদীয়ে আজি...

May 6, 2024 11:54 AM

নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ভূৱনেশ্বৰত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

◊ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কালি নিশা ওড়িশাৰ ভূৱনেশ্বৰত উপস্থিত হয়। তাত তেওঁ দলৰ লোকসভা আৰু বিধানসভাৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। প্রধানমন্ত্ৰীয়ে কালি ওড়িশাৰ ৰাজভৱনত নৈশ যাপন কৰে। বিজেপিৰ নেতা-কৰ্মী তথা অন্যান্য লোকসকলে তেওঁক বিমান বন্দৰত আদৰণি জনায়। শ্ৰীমোদীয়ে আজি ৰাজ্যখনৰ গঞ্জম জিলাৰ গোপালপুৰ বিধানসভা সমষ্টিৰ অধীনৰ কানিচিত এখন জনসভাক সম্বোধন কৰিব। তেওঁ লগতে নৱৰংপুৰ জিলাৰ ছিকিলি খেলপথাৰত আন এখন সভাত অংশ ল'ব। লোকসভা আৰু বিধানসভা নিৰ...

May 3, 2024 12:16 PM

২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছেঃ মোদী

♦ প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোডীয়ে কৈছে যে ২০১৪ চনত জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল আৰু ২০১৯ চনত সেই আশাসমূহ আস্থাত পৰিণত হৈছে। তেওঁ কয় যে আশাৰ পৰা আৰম্ভ হৈ ই আস্থাৰ পৰ্যায় অতিক্ৰমী নিশ্চয়তাত পৰিণত হৈছে। এটা নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত শ্ৰীমোডীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কঠোৰ পৰিশ্ৰম, প্ৰদৰ্শন, স্থায়ীত্ব আৰু স্পষ্টতাৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। Read More :  লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন  গুৱাহাটী উচ্চ ন্যায়ালয়ে সমগ্ৰ ৰ...

May 2, 2024 12:41 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যদা পাহৰি গৈছেঃ ৰাহুল গান্ধী

◊ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবুলি দাবী কৰিছে যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা নিৰ্বাচনত হৰাৰ আশংকাত প্ৰধানমন্ত্ৰী পদৰ মৰ্যদা পাহৰি গৈছে আৰু কংগ্ৰেছে মহিলাৰ মংগলসূত্র তথা জনসাধাৰণৰ বাসগৃহ কাঢ়ি নিব বুলি দাবী কৰিব লৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে কংগ্ৰেছে বিজেপিৰ ৩০০খন আসনৰ ভিতৰত ডেৰশৰো অধিক আসন কাঢ়ি লৈ পৰৱৰ্ত্তী চৰকাৰ গঠন কৰিবলৈ ওলোৱাৰ বাবেই শ্রীমোডীয়ে এনে ধৰণৰ হাস্যস্পদ আৰু মিছা কথা ক'বলৈ লৈছে। Read More: চৰকাৰ সংবিধানৰ পবিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধা...

May 2, 2024 1:01 PM

চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰঃ প্রধানমন্ত্ৰী

◊ প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰ সংবিধানৰ পৱিত্রতা অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ। উত্তৰ গুজৰাটৰ বানাচকাৰ দিছা আৰু চাবৰকাণ্ঠা জিলাৰ হিম্মত নগৰত কালি নির্বাচনী সভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। বানাচকাঠাত নিৰ্বাচনী সভাত ভাষণ দি শ্রীমোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা বৰ্তাই ৰখা হ'ব বুলি আশ্বাস প্ৰদান কৰে। উন্নত ভাৰতৰ দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে পুনৰ ক্...

April 5, 2024 8:28 PM

সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছেঃ মোদী

♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বর্তমান সমগ্র দেশে উন্নত ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰি আছে। শ্ৰী মোদীয়ে আজি ৰাজস্থানৰ শেখাৱতী অঞ্চলৰ চুৰুৰ এখন নিৰ্বাচনী সভাত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে জনসাধাৰণৰ কেইবা দশকজোৰা বুনিয়াদী আৱশ্যকতা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বিগত ১০ বছৰত উন্নত ভাৰতবৰ্ষৰ বাবে ভেঁটি নিৰ্মাণ কৰা হৈছে। সম্প্ৰতি সমগ্ৰ বিশ্ব ভাৰতৰ দ্ৰুত প্ৰগতিক লৈ আশ্চর্যচকিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে...

April 4, 2024 12:34 PM

১৭ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ প্রধানমন্ত্ৰী মোদী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। ৰাজ্যখনৰ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ এখন নিৰ্বাচনী সভাত প্রধানমন্ত্ৰীগৰাকীয়ে অংশগ্রহণ কৰিব। নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ'বলগীয়া এই সভাত নামনি অসমৰ ৭খন জিলাৰ ১৬টা বিধানসভা সমষ্টিৰ ভোটাৰক প্ৰধানমন্ত্রী মোদীয়ে সম্বোধন কৰিব। উক্ত সভাখনত অন্যান্য কেন্দ্রীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মায়ো অংশগ্রহণ কৰিব। ৰাজ্যিক ...

April 4, 2024 12:03 PM

টাইৱানত ভূমিকম্পঃ প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰিৰ বাবে কৃতজ্ঞতা টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনৰ

♦ টাইৱানৰ বিদায়ী ৰাষ্ট্ৰপতি ছাই ইং-ৱেনে দ্বীপৰাষ্ট্ৰখনক ৰিখটাৰ স্কেলত ৭.৪ প্রাবল্যৰ ভূমিকম্পই জোঁকাৰি যোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা সঁহাৰিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে বিপদৰ পাছত পুনৰ মূৰ দাঙি উঠিবলৈ চলোৱা প্ৰচেষ্টাৰ সময়ত প্রধানমন্ত্ৰী শ্ৰীমোডীৰ সঁহাৰিয়ে দেশখনৰ জনসাধাৰণৰ বাবে শক্তিৰ উৎস হিচাপে কাম কৰিব বুলি উল্লেখ কৰে। এই সঁহাৰিৰ বাবে দেশখনৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি লাই-চিং টেয়েও শ্রীমোডীক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ আগেয়ে প্ৰধানম...