September 5, 2024 6:05 PM

শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ প্রধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষে দেশৰ শিক্ষকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে এই দিনটো হৈছে দেশৰ যুৱ চামক গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক কৃতজ্ঞতা জ্ঞাপনৰ এটা উপলক্ষ্য। শ্ৰী মোদীয়ে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্রয়াত সৰ্বেপল্লী ৰাধাকৃষ্ণণক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাৰে সোঁৱৰিছে। তেওঁৰ স্মৃতি সুঁৱৰি আজিৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়।

September 3, 2024 5:34 PM

ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্রুনেই আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি দুপৰীয়া ব্রুনেইৰ ৰাজধানী বন্দৰ ছেৰী বিগৱানত উপস্থিত হৈছেগৈ। ব্ৰুনেই বিমান বন্দৰত প্ৰধানমন্ত্ৰীক যুৱৰাজ হাজি অল মুহতাদী বিল্লাহে আনুষ্ঠানিকভাৱে অভ্যর্থনা জনায়। প্রথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে তেওঁ ব্রুনেইলৈ গৈছে। ভাৰত আৰু ব্রুনেই দুয়ো দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৪০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখন ভ্ৰমণ কৰিছে। ইয়াৰ আগেয়ে দ্বিদেশীয় ভ্রমণসূচীৰে ৰাওৱা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ব্ৰুনেই...

July 15, 2024 9:47 AM

সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী মোদীৰ অনুগামীৰ সংখ্যা ১০ কোটি অতিক্ৰম

■ সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে। যোৱা তিনিটা বছৰত প্ৰধানমন্ত্ৰীৰ অনুগামীৰ সংখ্যা প্রায় ৩ কোটি বৃদ্ধি পাইছে। ইয়াৰ ফলত শ্রীমোদী এক্সত বিশ্বৰ সৰ্বাধিক অনুসৰণ কৰা নেতা হিচাপে পৰিগণিত হৈছে। অনুগামীৰ সংখ্যাৰ দিশৰ পৰা প্ৰধানমন্ত্রী মোদী ৩ কোটি ৪১ লাখ অনুগামী থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনকে ধৰি বিশ্বৰ আন নেতাসকলতকৈ বহু আগত আছে। অনুগামীৰ সংখ্যা ১০ কোটি পাৰ হোৱাৰ পাছত শ্ৰীমোদীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত এই মাধ্যমত থাকি নিজেই সুখ...