September 23, 2024 3:06 PM

একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি পুৱা নিউয়র্কত আমেৰিকাৰৰ আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। তেওঁ লগতে কয় যে প্ৰযুক্তি আৰু গণতন্ত্ৰৰ মাজত ভাৰসাম্যতা সময়ৰ প্ৰয়োজনীয়তা আৰু গণতান্ত্রিক মূল্যবোধ আৰু প্ৰযুক্তিৰ একত্ৰীকৰণ মানৱ কল্যাণৰ বাবে এটা প্রতিশ্রুতি। প্রধানমন্ত্ৰীয়ে কয় যে ভাৰত প্ৰতিভা, গণতন্ত্ৰ আৰু বজাৰৰ এখন দেশ। এয়া এক দুৰ্...

September 23, 2024 1:40 PM

৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা দলক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৫ সংখ্যক দবা অলিম্পিয়াডত মুকলি আৰু মহিলা দুয়োটা শাখাতে সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে। তেওঁ খেলুৱৈসকলক তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মোদীয়ে কয় যে এই কৃতিত্বই দেশৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিছে। তেওঁ আশা প্ৰকাশ কৰে যে এই সফলতাই দবা খেলৰ নতুন প্ৰজন্মক খেলত পাৰদৰ্শিতা দেখুৱাবলৈ অনুপ্ৰাণিত কৰিব।

September 23, 2024 12:08 PM

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰণৰ সৈতে সংগতি ৰাখি মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কয় যে, আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লগে লগে দেশত নিয়োগৰ সুযোগ বৃদ্ধিৰ জৰিয়তে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণ বৃদ্ধি হোৱা দেখা গৈছে। মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বহিঃৰাষ্ট্ৰৰ প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী ক...

September 16, 2024 7:54 PM

সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে কৈছে যে, গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ভাৱমূৰ্তি সলনি হৈছে আৰু বৰ্তমান সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই নিজৰ সমস্যাসমূহৰ সমাধান বিচাৰি ভাৰতৰ কাষ চাপে। শ্রীমোদীয়ে কৈছে যে, বর্তমান দেশে নিজৰ অমৃত কাল প্ৰত্যক্ষ কৰিছে আৰু তেওঁ দেশক অহা ২৫ বছৰৰ ভিতৰত বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। তেওঁ বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুজৰাটে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য...

September 16, 2024 6:04 PM

সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্ৰী মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰি দিয়া ভাষণত এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ই দেশক বিশ্বৰ ভিতৰতে শীৰ্ষৰ তিনিখন অৰ্থনীতিৰ ভিতৰৰ অন্যতম হিচাপে গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ হৈ কাম কৰি আছে। প্রধানমন্ত্ৰীয়ে পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰো শুভাৰম্...

September 14, 2024 2:44 PM

কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ৬ খন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। টাটানগৰত তেওঁ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০ হাজাৰ হিতাধিকাৰীক আবাসগৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব আৰু...

September 14, 2024 2:43 PM

প্রধানমন্ত্ৰী মোদীয়ে বিয়লি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কুৰুক্ষেত্ৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুৰুক্ষেত্ৰৰ থেম পাৰ্কত এখন নির্বাচনী সভাত ভাষণ দিব। এইখন হৈছে হাৰিয়ানাত প্রধানমন্ত্ৰীৰ প্ৰথমখন নির্বাচনী সভা। মুঠ ৯০খন আসন বিশিষ্ট হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন ৫ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ৮ অক্টোবৰত ভোটগণনা কৰা হ'ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ২০১৪ চনত প্ৰথমবাৰৰ বাবে হাৰিয়ানাৰ ক্ষমতালৈ অহা বিজেপিয়ে তৃতীয়টো কাৰ্য্যকালৰ বাবে এইবাৰ ক্ষমতা ...

September 13, 2024 5:51 PM

বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত দ্বিতীয় অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত সর্বসম্মতিক্রমে এই ঘোষণাপত্র গ্ৰহণ কৰা হয়। এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলসমূহৰ অসামৰিক বিমান পৰিবহণ ক্ষেত্ৰসমূহত আঞ্চলিক সহযোগিতাৰ লগতে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিমান পৰিবহণ খণ্ডৰ স্থায়ী বিকাশৰ উদ্দেশ্যে এই ঘোষণাপত্ৰৰ ৰূপৰেখা প্ৰস্তুত কৰা হ...

September 13, 2024 5:20 PM

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। তেওঁ কয় যে পেৰালিম্পিয়ানসকলৰ জীৱনৰ দৃষ্টিভংগী সকলোৰে বাবে বৃহৎ শক্তি। এই আদান-প্ৰদানৰ সময়ত স্বর্ণ পদক বিজয়ী সুমিত আট্টিলে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ এটা স্বর্ণপদক উচৰ্গা কৰে। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদক লাভ কৰি...

September 12, 2024 1:43 PM

ভাৰত মণ্ডপমত এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত অংশগ্রহণ কৰিব। সন্মিলনত প্রধানমন্ত্ৰীয়ে সকলো সদস্য ৰাষ্ট্ৰই 'দিল্লী ঘোষণা' গ্রহণ কৰাৰ কথা ঘোষণা কৰিব। দিল্লী ঘোষণাই অঞ্চলটোৰ বিমান পৰিবহণ খণ্ডক নতুন শিখৰলৈ উন্নীত কৰাৰ এক দূৰদৰ্শী পৰিকল্পনা হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে। নতুন দিল্লীত কালি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই মন্ত্রী সন্মিলনখন উদ্বোধন কৰে। মন্ত্ৰীগৰাকীক এই সন্মি...