July 13, 2024 8:51 PM

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত থকা চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন মন্ত্ৰী নন্দিতা গালোচাৰ

ৰাজ্যৰ শক্তি, জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গালোচাই আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সম্ভাব্য তালিকাত থকা চৰাইদেউ মৈদামক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, ভাৰত চৰকাৰে চলিত বৰ্ষত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে কেৱল আহোম ৰাজত্ব কালৰ গৌৰৱময় ঐতিহ্য বহনকাৰী চৰাইদেউ মৈদামকে মনোনীত কৰিছে। এই উদ্দেশ্যৰে অহা ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৪ সংখ্যক সন্মিলনত মনোনয়ন প্ৰেৰণ কৰা স্থানসমূহৰ বিষয়ে আলোচনা কৰা হ'ব। সন...