September 7, 2024 9:16 PM

পেৰালিম্পিকত শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ নাগালেণ্ড চৰকাৰৰ ১.৫ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা

নাগালেণ্ড চৰকাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ এফ ফিফটি ছেভেন শিতানৰ শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ ডেৰ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই সামাজিক মাধ্যম এক্সযোগে কৈছে যে, হোকাটো হোটোজে চেমাই পেৰিছ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ বিষয়। ৰাজ্য চৰকাৰে অৰ্জুন বঁটাৰ বাবে খেলুৱৈগৰাকীৰ নাম মনোনীত কৰিব বুলি তেওঁ প্ৰকাশ কৰে।

September 6, 2024 12:57 PM

দুদিনীয়া ভ্রমণসূচীৰে আজি নাগালেণ্ডলৈ ৰামদাস আঠাৱাল

সামাজিক ন্যায় আৰু নিয়োগ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰামদাস আঠাৱালে আজি দুদিনীয়া ভ্রমণসূচীৰে নাগালেণ্ডলৈ যাব। মন্ত্ৰীগৰাকীয়ে আজি বিয়লি ৰাজ্যখনত উপস্থিত হোৱাৰ পাছত চোবিমা চুমৌকেদিমাত থকা ব্যক্তিগত বাসগৃহত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ক সৌজন্যমূলক সাক্ষাৎ কৰিব। ইয়াৰ পাছত শ্রীআঠাৱালেই বিয়লি চাৰি মাইলৰ এগ্রি এক্সপোত মণ্ডি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে তেওঁ কাইলৈ নাইথু ৰিজোৰ্টত ৰাজ্যখনৰ সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত ভাগ ল'ব।

August 1, 2024 6:40 PM

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ ফলত ধনশিৰি আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ধনশিৰি আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। নদীকেইখনৰ বাঢ়নী পানীয়ে গোলাঘাট জিলা, মৰঙী আৰু নুমলীগড় অঞ্চলৰ বিভিন্ন গাঁও প্লাৱিত কৰিছে। বানৰ ফলত খুমটাই বিধানসভা সমষ্টিৰ শাওতলী, ভোলাগুৰি, আৱঘাট, আধাৰ সত্ৰ, বুটলিখোৱাকে ধৰি ১০খনৰো অধিক গাঁও প্লাৱিত হৈছে। আনহাতে, মৰঙী ৰাজহ চক্ৰৰ লেটেকুচাপৰি, বৰচাপৰি, কেন্দুগুৰি আদিকে ধৰি ২০খনৰো অধিক গাঁও প্লাৱিত হৈছে। বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে জিলা প্ৰশাসনে বিভিন্ন ঠাইত আশ্রয় শিবিৰ মুকলি কৰাৰ লগতে সাহায্য...

June 27, 2024 6:47 PM

নাগালেণ্ডত অনুষ্ঠিত নগৰীয়া নিগম নিকায়ৰ নিৰ্বাচনত ৮৩.৫৪ শতাংশ ভোটদান

নাগালেণ্ডত কালি অনুষ্ঠিত নগৰীয়া নিগম নিকায়ৰ নিৰ্বাচনত ৮৩.৫৪ শতাংশ ভোটদান হয়। ৰাজ্যখনৰ তিনিখন পৌৰসভা আৰু ২১ খন জিলা পৰিষদৰ বাবে এই নির্বাচন অনুষ্ঠিত হৈছিল। ২০ বছৰৰ বিৰতিৰ পাছত অনুষ্ঠিত এই নিৰ্বাচনত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰা হৈছিল। নিৰ্বাচনত ২১৪ টা ৱাৰ্ডৰ ৪২০ টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছিল। ৩২৫ গৰাকী পুৰুষ আৰু ১৯৮ গৰাকী মহিলাকে ধৰি মুঠ ৫২৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

May 17, 2024 5:24 PM

নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকা সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ নাগালেণ্ড পিপলছ অর্গেনাইজেশ্যনক নগালেণ্ড কেবিনেটৰ আবেদন

নগালেণ্ডৰ কেবিনেটে পূব নাগালেণ্ড পিপলছ অর্গেনাইজেশ্যনক অহা ২৬ জুনত অনুষ্ঠিত হ'বলগীয়া স্থানীয় নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাইছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্যৰ মুখপাত্র কে জি কেনিয়ে কৈছে যে ৰাজ্যখনৰ কেবিনেটে পুনৰবাৰ ENPO আৰু ইয়াৰ অন্তৰ্গত সংস্থাসমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অনুষ্ঠিত হ'বলগীয়া স্থানীয় নগৰ সমিতি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।