September 20, 2024 8:00 PM
চৰকাৰে দেশলৈ কাৰ্যক্ষমতা আৰু দায়বদ্ধতা অনাৰ লগতে সম্পূৰ্ণ লক্ষ্যত উপনীত হৈছে : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী
কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি দৃঢ়তাৰে কয় যে এন ডি এ চৰকাৰে দেশলৈ কাৰ্যক্ষমতা আৰু দায়বদ্ধতা অনাৰ লগতে সম্পূৰ্ণ লক্ষ্যত উপনীত হৈছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰ্যালয়ৰ সফলতাৰ বিষয়ে অৱগত কৰি শ্ৰী নাড্ডাই কয় যে চৰকাৰে আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা সম্প্ৰসাৰণৰ বাবে এটা উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আঁচনি যোগে ৭০ বছৰৰ ঊৰ্ধৰ সকলো নাগৰিককে বিনামূলীয়া স্বাস্থ্য বীমাৰ অধীনত ৫ লাখ টকালৈকে বীমা প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত মুঠ ৬ কোটি জ্যেষ্ঠ নাগৰ...