September 9, 2024 6:56 PM

গ্ৰামাঞ্চলৰ মহিলাসকলৰ চৰকাৰী কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত মৰিগাঁওত সজাগতা সভা

ৰাষ্ট্ৰীয় গ্রামীন বিকাশ নীধিৰ উদ্যোগত গ্ৰামাঞ্চলৰ মহিলাসকলক চৰকাৰী কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত সজাগ কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডত এখন সজাগতা সভা অনুষ্ঠিত হয়। উন্নয়ন খণ্ডটোৰ বিভিন্ন গাঁৱৰ অসম ৰাজ্যিক গ্রামীন জীৱীকা অভিযানৰ সখীসকলে অংশ লোৱা এই সভাত নাৱাৰ্ড আৰু অন্য বেংকৰ উপৰি কৃষি, গ্রামোন্নয়ন আদি বিভাগৰ বিষয়াসকলে অংশগ্রহণ কৰে। অনুষ্ঠানত সমল ব্যক্তিসকলে কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ দ্বাৰা যাতে মহিলাসকল উপকৃত হ'ব পাৰে তাৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনায়।

August 4, 2024 6:49 PM

১৮ আগষ্টত মৰিগাঁৱত মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত অহা ১৮ আগষ্টত মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথম বাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত আজি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত মৰিগাঁও জিলাৰ আয়ুক্ত তথা মহোৎসৱ উদযাপনৰ মুখ্য পৃষ্ঠপোষক দেৱাশীষ শৰ্মাই কাৰ্যসূচী সম্পর্কে সবিশেষ সদৰি কৰে। সংবাদ মেলক সম্বোধন কৰি শ্ৰীশৰ্মাই কয় যে অহা ১৮ আগষ্টৰ পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে যাদু মহোৎসৱৰ শুভাৰম্ভণি হ'ব। শোভাযাত্ৰাত অঞ্চলটোৰ যাদু সংস্কৃ...

June 6, 2024 8:40 PM

অহা ২০ জুনৰ ভিতৰত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ মৰিগাঁও জিলাৰ আয়ুক্তৰ নিৰ্দেশ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নলযোগে পানী যোগানৰ আঁচনিৰ কাম অহা ২০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰসকলক নিৰ্দেশ দিছে। এই নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে তেনে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বা কাম বাতিল কৰা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিছে। জিলা আযুক্ত কাৰ্যালয়ত আয়োজিত বৈঠকত জল জীৱন অভিযানৰ অধীনত ৰূপায়িত আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ ঠিকাদাৰসকলক অসম্পূর্ণ কামসমূহ অহা ২০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁ ...

May 15, 2024 8:07 PM

মৰিগাওঁ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ১৪টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

মৰিগাওঁ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ১৬টা বিশেষ আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা ১৪টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গুৱাহাটীৰ পৰা দুটা অপৰাধীক গ্ৰেপ্তাৰ কৰে। ইপিনে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু ভূৰাগাঁও আৰক্ষীয়ে অভিযান চলাই ৬টাকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। যোৱা নিশা ভূৰাগাঁও আৰক্ষীৰ অভিযানত ৪টা আৰু লাহৰীঘাট আৰক্ষীৰ অভিযানত দুটা চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হয়। অপৰাধীৰ কেইটাৰ পৰা আৰক্ষীয়ে ৩৯৬খন ছিম কার্ড, ২৫খন এটিএম কার্ড, ১৪খন চেক বুক, ৩টা লেপটপ, ৩৪ট...