August 3, 2024 2:16 PM
ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছেঃ মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰত পর্যাপ্ত খাদ্য-সামগ্রী থকা দেশ আৰু দেশখনে গোলকীয় খাদ্য-সুৰক্ষা তথা পুষ্টিকৰণ সুৰক্ষাৰ ক্ষেত্ৰত সমাধান সূত্ৰ আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে, বহু সংস্কাৰ সাধনেৰে চৰকাৰে কৃষি খণ্ডক সবল কৰি তোলাৰ জৰিয়তে কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৩২ সংখ্যক আন্তর্জাতিক কৃষি অর্থনীতিবিদ সমাৰোহত ভাষণ দি আজি প্রধানমন্ত্ৰীয়ে এইদৰে কয়। কৃষিক চৰকাৰৰ অৰ্থনৈতিক নীতিৰ কেন্দ্ৰবিন্দু বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰত ...