July 14, 2024 8:48 PM

বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে: বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহল

 বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহলে আজি কয় যে, বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ডত ব্যাপক প্ৰগতি সাধিত হোৱাৰ লগতে এই খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে। পুনেৰ লহগাঁও বিমান বন্দৰত নৱনিৰ্মিত টার্মিনেল যাত্ৰীসকলৰ বাবে মুকলি কৰি আজি তেওঁ ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে। শ্ৰী মোহলে লগতে কয় যে, বিগত ১০ বছৰত দেশত ৪৬৯টা নতুন বিমানপথ মুকলি হোৱাৰ লগতে দিল্লী, বাংগালুৰু তথা অযোধ্যাৰ দৰে বিমান বন্দৰত নতুন টার্মিনেল নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে শীঘ্ৰে দেশত ২০ৰ পৰা ২৫ টা নতুন বিমান বন্দৰ নিৰ্মা...

May 8, 2024 8:19 PM

বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে বিমানৰ যাত্ৰা বাতিল কৰা সন্দৰ্ভত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰা প্ৰতিবেদন বিচাৰিছে আৰু বিষয়টো শীঘ্ৰে সমাধান কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰালয়ে লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ নিয়ম অনুসৰি যাত্ৰীসকলৰ বাবে সুবিধা সুনিশ্চিত কৰিবলৈ কৈছে। ইয়াৰ পূৰ্বে চালক দলৰ জ্যেষ্ঠ সদস্যসকলে জাননী নিদিয়াকৈ সমুহীয়াভাৱে অসুস্থতাৰ ছুটি লোৱাৰ বাবে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কেইবাখনো বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।