July 16, 2024 10:36 AM

উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছেঃ সৰ্বানন্দ সোণোৱাল

● উত্তৰ-পূৰ্বাঞ্চলৰ জলপথসমূহে ৰাষ্ট্ৰ নিৰ্মাণত সবল ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। নাগালেণ্ডৰ জলপথৰ সম্ভাৱনা সক্ষম কৰাৰ লক্ষ্যৰে ডিমাপুৰত কালি অনুষ্ঠিত অংশীদাৰ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ১০১ নম্বৰ টিজু-জুংকি ৰাষ্ট্ৰীয় জলপথৰ উন্নয়নৰ কথা ঘোষণা কৰি কয় যে টিজু-জুংকি নদীক নাগালেণ্ডৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব, যাতে এই জলপথৰ জৰিয়তে সামগ্ৰী আৰু যাত...

July 4, 2024 8:58 PM

ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে নিৰ্দেশনা জাৰি

কেন্দ্ৰীয় চৰকাৰে আজি ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন মিছনৰ অধীনত পৰীক্ষণৰ সা-সুবিধা, আন্তঃগাঁথনি আৰু প্রতিষ্ঠানিক সহায়ৰ বাবে মন সম্পন্ন আৰু নিয়ন্ত্ৰণৰ পৰিকাঠামো বিকশাই তোলাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে কৈছে যে, এই আঁচনি ২০২৫-২৬ বিত্তীয় বর্ষলৈকে ২০০ কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় সৌৰশক্তি প্রতিষ্ঠানে ৰূপায়ণ কৰিব লগা এই আঁচনিয়ে উৎপাদন, প্রযুক্তি আৰু সেউজ হাইড্ৰ'জেনৰ মূল্য শৃংখলাৰ সুবিধাসমূহ আৰু বৰ্তমান ইয়াৰ আনুসংগিক পৰীক্ষণৰ ক্ষেত্ৰত থকা সুবিধা...

June 28, 2024 1:34 PM

দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ মন্ত্রী জিতন ৰাম মাঝিৰ

কেন্দ্ৰীয় অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্রী জিতন ৰাম মাঝিয়ে কালি নতুন দিল্লীত বিশ্ব অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উপলক্ষে দুখন নতুন আঁচনিৰ শুভাৰম্ভ কৰে। কালি মুকলি কৰা এম এছ এম ই টীম নামৰ আঁচনিখনৰ লক্ষ্য হৈছে— ডিজিটিয় বাণিজ্যৰ মুক্ত নেটৱৰ্কৰ বাবে পাঁচ লাখ অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগক সুবিধা প্ৰদান কৰা। ইপিনে কালি মুকলি কৰা য়শস্বিনী শীৰ্ষক উদ্যমে মহিলাৰ মালিকানাধীন অনানুষ্ঠানিক অতি ক্ষুদ্র উদ্যোগসমূহক আনুষ্ঠানিক কৰি গঢ়ি তোলাৰ লগতে প্ৰয়োজনীয় সুবিধা আৰু সাহায্...