August 21, 2024 12:04 PM

চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

■ উচ্চতম ন্যায়ালয়ে চিকিৎসা কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন এখন বিচাৰপীঠে কালি ক’লকাতাৰ আৰ জে কৰ হাস্পতালত এগৰাকী চিকিৎসকৰ বলাৎকাৰ আৰু হত্যাৰ গোচৰৰ শুনানি গ্রহণ কৰি কাৰ্যবাহিনীটোক তিনি সপ্তাহৰ ভিতৰত অন্তৱৰ্তীকালীন প্রতিবেদন আৰু দুমাহৰ ভিতৰত চূড়ান্ত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ন্যায়ালয়ে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে দেশজুৰি ...

August 13, 2024 3:19 PM

আবাসী চিকিৎসক সন্থাৰ ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ সঁহাৰি জনাই মহাৰাষ্ট্ৰৰ চিকিৎসকৰ বিভিন্ন ৰাজহুৱা চিকিৎসালয়ত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য চিকিৎসা সেৱাৰ পৰা বিৰত

আবাসী চিকিৎসক সন্থা Federation of Resident Doctors Association-এ চলাই থকা ৰাষ্ট্ৰজোৰা ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাই মহাৰাষ্ট্ৰৰ বিভিন্ন ৰাজহুৱা চিকিৎসালয়ত কৰ্মৰত আবাসী চিকিৎসকসকলে জৰুৰীকালীন সেৱাৰ বাহিৰে অন্যান্য চিকিৎসা সেৱাৰ পৰা বিৰত আছে। চিকিৎসা মহাবিদ্যালয়সমূহৰ জ্যেষ্ঠ শিক্ষক, অধ্যাপক আৰু চুক্তিভিত্তিক কৰ্মচাৰীসকলে চিকিৎসালয়সমূহ পৰিচালনা কৰি আছে। কৰ্মচাৰীসকলৰ ছুটিও নাকচ কৰা হৈছে। মহাৰাষ্ট্ৰ ৰাজ্যিক আবাসী চিকিৎসক সন্থাই জনাইছে যে কলকাতাৰ আৰ জি চিকিৎসা মহাবিদ্যালয়ৰ আবাসীসকলৰ সৈতে সংহতি প্রকাশৰ...

August 2, 2024 6:15 PM

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি সন্দৰ্ভত অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিভিন্ন সেৱাৰ মাছুল সামান্য বাঢ়িছে বুলি উল্লেখ কৰি আজি সংবাদ মাধ্যমৰ আগত ডাঃ শৰ্মাই কয় যে, ২০০২ চনতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মাছুল বৃদ্ধি কৰা হৈছিল। যোৱা ছমাহ ধৰি সমগ্ৰ বিষয়টো এখন সমিতিয়ে পর্যালোচনা কৰাৰ লগতে বজাৰৰ দৰ পৰীক্ষা কৰি যুক্তিসংগতভাৱে বিভিন্ন সেৱাৰ মাচুল বৃদ্ধি কৰিছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৮৫ শতাংশ লোকৰ প্ৰধান...

July 11, 2024 11:52 AM

কেন্দ্ৰীয় চৰকাৰে চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ হকে প্রয়াস চলাই আছে

● স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এইবুলি স্পষ্ট কৰি দিছে যে চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা বৰ্তমানৰ জিলা আৰু ৰেফাৰেল চিকিৎসালয়সমূহে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি লাভ কৰি যাব। কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰই এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। স্বাস্থ্য মন্ত্রালয়ে কৈছে যে অনুমোদিত ১৫৭খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ১০৮খন ইতিমধ্যে কার্যক্ষম হৈ উঠিছে। অনুমোদিত মহাবিদ্যালয়সমূহৰ ভিতৰত ৪০খন অভিলাষী জিলাত অৱস্থিত। মন্ত্ৰালয়ে কৈছে যে ২০১৪ চনত জি...