September 12, 2024 12:55 PM

মৰিগাঁও জিলা প্ৰশাসনৰ নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা

মৰিগাঁও জিলা প্ৰশাসনে ভূমি আৰু ৰাজহ ব্যৱস্থাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে জিলাখনৰ অন্তৱৰ্তী এলেকাসমূহত ভূমি প্ৰশাসনৰ প্ৰসাৰতাৰ উদ্দেশ্যে এক নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা কৰিছে। জিলাখনৰ অধীনৰ ৰাজহ চক্ৰ বিষয়াসহ চক্ৰ বিষয়াৰ কৰ্মচাৰীসকলে নিয়মীয়াকৈ দূৰৱৰ্তী এলেকাসমূহত অস্থায়ী কার্যালয় সদৃশ ৰাজহ আদালত অনুষ্ঠিত কৰিব। জিলা প্রশাসনে অহা ১৫ ছেপ্তেম্বৰত মায়ং বজাৰস্থিত গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহ আদালতত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

August 22, 2024 7:04 PM

দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁওত উপস্থিত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰ

মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সাৱিত্ৰী ঠাকুৰে আজি দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাত উপস্থিত হৈ জিলাখনত মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্য চৰকাৰৰ মহিলা শিশু উন্নয়ন আৰু বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ তথা অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে সহযোগিতাৰে ধবজাবাহী...