September 14, 2024 8:19 PM
শোভা কন্দলাজৰ আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন
কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম, নিয়োগ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী শোভা কন্দলাজে আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। কালি বিয়লি জিলাখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকী আজি পুৱাৰ ভাগত হাতশিঙিমাৰী আৱৰ্ত ভৱনৰ পৰা ভাৰত-বাংলাদেশ সীমান্ত পথেৰে মানকাছৰৰ সাহাপাৰা বি এছ এফ চাউনীত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে আন্তৰাষ্ট্ৰীয় গেটেৰে কাইটীয়া তাঁৰৰ সিপাৰে ভাৰতৰ ভূমিত থকা জি লেণ্ডত উপস্থিত হৈ সীমান্ত পর্যবেক্ষণ কৰে। বি এছ এফৰ শীৰ্ষ বিষয়া আৰু জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপ...