June 20, 2024 7:42 PM

আজিৰেপৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰী বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই পৰ্যটকৰ বাবে আজিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰিছে। প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা মথনগুৰিলৈ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সময়সীমা ২০ জুনলৈ খোলা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কিন্তু শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰেপৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হয়। উল্লেখযোগ্য যে ২০২৩-২৪ পৰ্যটন বৰ্ষত মানস ৰাষ্ট্ৰীয় উ...

June 6, 2024 11:28 AM

মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ পৰ্যটকৰ বাবে বন্ধ ঘোষণা

মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ কালিৰে পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হয়। অৱেশ্য অহা ২০ জুনলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰীৰ পৰা মথনগুৰিলৈ যোৱা পথছোৱা আৰু মথনগুৰিৰ হেৰিটেজ চেণ্টাৰৰ লগতে নৈসর্গিক দৃশ্য উপভোগ কৰিব পাৰিব। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন প্ৰতিবছৰে ৩ মাহৰ বাবে বন্ধ ৰখা হয়।