May 24, 2024 11:42 AM
আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি, ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন
আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰে দিনটো পালনৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য একশৰণ নামধৰ্মৰ প্ৰচাৰক, নিজৰ সৃষ্টিৰাজিৰে অসমৰ সমাজ জীৱনত অভূতপূৰ্ব সংস্কাৰ সাধন কৰা মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি অসম একশৰণ ভাগৱতী সমাজৰ উদ্যোগত আজিৰেপৰা মৰিগাঁৱৰ বৰদল পালনাম থানত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ঐতিহ্যমণ্ডিত থানখনত আজি পুৱা মাংগলিক পৰম্পৰাৰে গুৰু আসন প্রতিষ্ঠা কৰা হয়। একশৰণ ভাগৱতী সমাজৰ আচাৰ্য দেহেশ্বৰ...