April 21, 2024 11:58 AM

মহাবীৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দেশবাসীক ওলগ

আজি মহাবীৰ জয়ন্তী। জৈন ধৰ্মৰ ২৪ সংখ্যক তীৰ্থাংকৰ ভগৱান মহাবীৰ জৈনৰ জয়ন্তী হিচাপে এই উৎসৱ পালন কৰা হয়। ভগৱান মহাবীৰে অহিংসা, সত্য, ব্ৰহ্মচৰ্য্য, অস্তেয়, সংযমৰ লেখীয়া জৈন আদৰ্শৰাজিৰ মাধ্যমেৰে শান্তিপূর্ণ সহাৱস্থান আৰু বিশ্ব ভাতৃত্ববোধৰ পথ দেখুৱাই থৈ গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মহাবীৰ জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণ বিশেষকৈ জৈন ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কৈছে যে, অহিংসা আৰু কৰুণাৰ প্ৰতীক স্বৰূপ ভগৱান মহাবীৰৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি পালন কৰা এই ...