August 24, 2024 9:07 PM
ৰাজ্যজুৰি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি পালন
মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি আজি ৰাজ্যজুৰি পৰম্পৰাগত উলাহ-উদ্দীপনাৰে পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ ভকতবৃন্দই নামঘৰ আৰু সত্ৰসমূহত শৰাই, বন্তি আগবঢ়াই প্রার্থনা জনায়। সত্ৰ, নামঘৰসমূহ পুৱাৰে পৰা ভক্ত ৰাইজৰ নাম-প্ৰসংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। মাধৱদেৱ গুৰুজনাই স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত এই তিথি কীৰ্তন মহোৎসৱ হিচাপে ১০ দিনীয়াকৈ উদযাপন কৰা হয়। বৰপেটাৰ সংবাদদাতাই জনোৱা অনুসৰি ১০ দিনৰ মূৰত আজি অনুষ্ঠিত মূল কাৰ্যসূচীৰ অংশ হিচাপে পুৱা প্ৰসংগৰ লগতে সত্ৰৰ ...