June 30, 2024 5:38 PM
জনসাধাৰণৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰাৰ বাবে নিয়মীয়াকৈ যোগাভ্যাস কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
যোগ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতত কয় যে, সমগ্র বিশ্বই দশম আন্তৰাষ্ট্ৰীয় যোগ দিৱস অতি উৎসাহেৰে পালন কৰিছে। তেওঁ কয় যে, যোগ দিৱসৰ আয়োজন আগবঢ়াৰ লগে লগে প্ৰতিবছৰে নতন নতুন অভিলেখৰো সৃষ্টি হৈছে। এনে ধৰণৰ একাংশ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, চৌদি আৰৱত এইবেলি অল হনৌফ নামৰ এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে যোগাভ্যাসত নেতৃত্ব দিয়ে। ইজিপ্তত যোগাভ্যাসৰ দিনা এখন ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নীল নৈৰ পাৰ, লোহিত সাগৰৰ তীৰত আৰু পিৰামিদৰ সন্মুখত লাখ লাখ লোকে যোগ...