July 28, 2024 6:50 PM

ভাৰতক ড্ৰাগছ মুক্ত কৰাত জড়িত সকলো লোক আৰু সংস্থাক মানস হেল্পলাইন ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

ড্ৰাগছে সৃষ্টি কৰা ভয়াবহ প্ৰত্যাহ্বানৰ উল্লেখ কৰি আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰতিটো পৰিয়ালকে তেওঁলোকৰ সন্তান ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে বুলি আশংকাত দিন কটাবলগীয়া হৈছে। এই ক্ষেত্ৰত তেওঁ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা মানস শীৰ্ষক বিশেষ কাৰ্যসূচীৰ উল্লেখ কৰে। মানসৰ হেল্পলাইন আৰু পোৰ্টেল অলপতে মুকলি কৰা হৈছে। লগতে টোল ফ্রি নম্বৰ ১৯৩৩ ও প্রকাশ কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে, পুনৰ সংস্থাপনৰ বিষয়ে কোনো উপদেশ বা তথ্য বিচাৰি যিকোনো লোকে এই টোল...

July 28, 2024 6:45 PM

দেশৰ ভিন্ন অংশৰ শিল্পীসকলে হস্ততাঁতক জনপ্ৰিয় কৰাত যোগোৱা অৱদানৰ বাবে প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ

দেশৰ হস্ততাঁত উদ্যোগৰ সন্দৰ্ভত কবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত  আত্মসহায়ক গোটত যোগদান কৰা আৰু কাপোৰত ৰঙৰ বাহাৰ তোলা হাৰিয়ানাৰ ৰোহটক জিলাৰ ২৫০ গৰাকী মহিলাৰ কামৰ ভূয়সী প্ৰশংসা কৰে। এই মহিলাসকলে আত্মসহায়ক গোটত যোগদান কৰি ব্লক প্রিণ্টিং আৰু ডায়িঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। তেওঁলোকে এতিয়া বিচনা চাদৰ, শাৰী, দোপাট্টা আদি তৈয়াৰ কৰি লাখ লাখ টকা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে । দেশত ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব। প্ৰধা...

July 28, 2024 6:41 PM

এখন দেশ নিজৰ সংস্কৃতিৰ গৌৰৱবোধৰ জৰিয়তেহে প্ৰগতিৰ পথত আগবাঢ়িব পাৰেঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰে যে, এখন দেশ নিজৰ সংস্কৃতিৰ গৌৰৱবোধৰ জৰিয়তেহে প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰে। এই প্ৰসংগত মেড ইন ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পত আলোকপাত কৰি তেওঁ ভাৰতৰ ৰাজহুৱা কলা অৰ্থাৎ পাৰি প্ৰকল্পৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, পাৰি প্ৰকল্প ৰাজহুৱা কলাক জনপ্ৰিয় কৰি তোলাৰ বাবে শিল্পীসকলক একেখন মঞ্চত সমবেত কৰাৰ ফলপ্ৰসূ মাধ্যম হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে, পথৰ দাঁতি, দেৱাল আদিত পাৰিৰ সৈতে জড়িত শিল্পীসকলে চিত্র অঁকাত ব্...

July 28, 2024 6:37 PM

চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৌৰৱ প্ৰকাশ

অসমৰ ঐতিহাসিক চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৌৰৱ প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি প্রধানমন্ত্ৰীয়ে কয় যে, চৰাইদেউ মৈদাম ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্রথমটো সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। এই মৈদামসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰি শ্রীমোদীয়ে কয় যে, চৰাইদেউ আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী। আহোম ৰাজবংশই পৰম্পৰাগতভাৱে ...

July 28, 2024 6:33 PM

বৰ্তমানলৈকে খাদী কাপোৰ নিকিনা শ্রোতাক খাদী কাপোৰ কিনা আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰামৰ্শ

আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  কয় যে, পূর্বে খাদী কাপোৰ ব্যৱহাৰ নকৰা লোকেও এতিয়া অতি গৌৰৱেৰে খাদী কাপোৰ পৰিধান কৰিবলৈ লৈছে। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে, দেশৰ খাদী গ্ৰাম্য উদ্যোগৰ ব্যৱসায়ে ৪০০ শতাংশ বৃদ্ধিপ্রাপ্ত হৈ প্ৰথমবাৰৰ বাবে ডেৰ লাখ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে। খাদী আৰু হস্ততাঁতৰ বৰ্ধিত বিক্ৰীয়ে এই ক্ষেত্ৰখনক নতুন কর্মসংস্থাপনৰ সুবিধাৰ সৃষ্টি কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ বৰ্তমানলৈকে খাদী কাপোৰ নিকিনা শ্রোতাসকলক এতিয়াৰে পৰা খাদী কাপোৰ কিন...

July 27, 2024 9:01 PM

কাইলৈ আকাশবাণীযোগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণ সৈতে মত বিনিময় কৰিব। প্ৰতিমাহে প্ৰচাৰিত এই অনুষ্ঠানৰ এয়া হ'ব ১১২ সংখ্যক খণ্ড। আনহাতে একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত শ্ৰী মোদীৰ এয়া হ'ব মন কী বাতৰ দ্বিতীয়টো খণ্ড। এই অনুষ্ঠান আকাশবাণী-দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে এয়াৰ নিউজ ৱেবচাইট আৰু নিউজ অন এয়াৰ ম'বাইল এপ যোগে প্ৰচাৰিত হ'ব। এই অনুষ্ঠান পোনপটীয়াভাৱে এয়াৰ নিউজ, ডি ডি নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যা...

July 19, 2024 7:43 PM

২৮ জুলাইত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুলাইত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাতৰ পৰবৰ্তী খণ্ডৰ বাবে জনসাধাৰণৰ পৰা ভালেসংখ্যক পৰামৰ্শ লাভ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। শ্রীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে তেওঁ মন কী বাত অনুষ্ঠানৰ আসন্ন খণ্ডৰ বাবে যথেষ্ট পৰামৰ্শ লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে সমাজৰ সংস্কাৰৰ লক্ষ্যৰে ভালেসংখ্যক যুৱক-যুৱতীয়ে সমূহীয়া প্ৰচেষ্টাত আলোকপাত কৰা দেখা পাই তেওঁ সুখী হৈছে। শ্রীমোদীয়ে জনসাধাৰণক মাই গভ, নমো এপযোগে দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ লগতে ১৮০...

June 30, 2024 5:52 PM

মন কী বাতৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পাই প্রধানমন্ত্রী মোদীৰ সন্তুষ্টি প্রকাশ

এটা সপ্তাহৰ পাছত আৰম্ভ হব লগা পুৰীৰ জগন্নাথ ৰথযাত্ৰাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, ভগৱান জগন্নাথে দেশবাসীক সদায়ে আশীর্বাদ দি থাকিব বুলি আশা প্রকাশ কৰে। তেওঁ অমৰনাথ যাত্ৰা আৰু পন্ধাৰপুৰৱাৰীত অংশ লোৱা তীর্থযাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্রী মোদীয়ে মন কী বাতৰ জৰিয়তে জনসাধাৰণৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পাই সন্তুষ্টি প্রকাশ কৰিছে। তেওঁ কয় যে, কেইমাহমানৰ বাবে মন কী বাত অনুষ্ঠান স্থগিত আছিল যদিও দেশত মন কী বাতৰ সন্দৰ্ভত এটা উৎসাহ আছি...

June 30, 2024 5:49 PM

আকাশবাণীৰ সংস্কৃত বুলেটিনৰ ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণীৰ পৰিয়ালক  প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আকাশবাণীৰ সংস্কৃত বুলেটিন প্ৰচাৰৰ আজি ৫০ বছৰ পূৰ্ণ হোৱাৰ বাবে আকাশবাণীৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে, বিগত ৫০ বছৰে এই বুলেটিনে ভালেমান জনসাধাৰণক সংস্কৃতৰ সৈতে সংপৃক্ত কৰি ৰাখিছে শ্রীমোদীয়ে কয় যে, প্রাচীন ভাৰতীয় জ্ঞান আৰু বিজ্ঞানৰ অগ্ৰগতিত সংস্কৃতে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ সংস্কৃতক জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সৈতে সংযুক্ত আৰু সন্মান প্ৰদৰ্শন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

June 30, 2024 5:43 PM

পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত অহা মাহত আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকৰ কথা উল্লেখ কৰে। তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে, বিগত টকিঅ' অলিম্পিকত ভাৰতৰ দলটোৱে কৰা প্ৰদৰ্শনে দেশবাসীৰ মন জয় কৰে। প্রধানমন্ত্রী মোদীয়ে সমাগত পেৰিছ অলিম্পিকতো প্ৰথমবাৰৰ বাবে নিশ্চিতভাৱে আৰু ভাল প্ৰদৰ্শন দেখিবলৈ বুলি মত প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয় যে, সমগ্র দেশে খেলুৱৈসকলে পদক অৰ্জন কৰি ঘৰলৈ ঘুৰি আহিব বুলি সমগ্র দেশে আশাৰে বাট চাই আছে। তেও...