July 22, 2024 7:45 PM
আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কত লোকসভাত আলোচনা
লোকসভাই আজি আসন্ন অলিম্পিক ক্রীড়া মহোৎসৱৰ বাবে ভাৰতৰ প্ৰস্তুতি সম্পর্কে আলোচনা কৰে। আলোচনাৰ আৰম্ভণি কৰি বিজেপিৰ ডº সঞ্জয় জয়ছোৱালে কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে দেশত ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এন ডি এ চৰকাৰৰ অধীনত বাজেটত ক্ৰীড়া ক্ষেত্ৰৰ বাবে ২০১৪ চনৰ এহেজাৰ ২১৯ কোটি টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান ৩ হেজাৰ ৩৯৭ কোটি টকা হৈছে বুলিও শ্ৰীজয়ছোৱালে প্ৰকাশ কৰে। অহা ২৬ জুলাইৰ পৰা পেৰিছত হবলগীয়া অলিম্পিক ক্ৰীড়াৰ ১৬ টা শিতানত প্রতিদ্বন্দিতা আগবঢ়াবলগীয়া দেশৰ...