May 6, 2024 1:41 PM

কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬ টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ

♦ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। দুটা সমষ্টিৰ ভোটাৰ থকা কোনো এটা কেন্দ্ৰতে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে। কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভোটাৰসকলে যাতে অতি সহজে ভোটকেন্দ্র চিনাক্ত কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ০৩৬১-৪০৮৪৯৭৫ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। স্থানান্তৰ কৰা ভোটকেন্দ্ৰসমূহৰ ভোটাৰসকলে যিকোনো অসুবিধাৰ সন্মুখীন হ'লেই ...

May 6, 2024 1:38 PM

নির্বাচনী আচৰণ বিধি উলংঘা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ নিৰ্বাচন আয়োগৰ আহ্বান

♦ দেশৰ নিৰ্বাচন আয়োগে জনসাধাৰণক নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ ঘটনা পৰিলক্ষিত হ’লে চি-ভিজিল এপৰ জৰিয়তে আয়োগক জনাবলৈ আহ্বান জনাইছে। চি-ভিজিল এপ ডাউনল'ড কৰি ফটো, ভিডিঅ' আৰু অডিঅ'ৰ জৰিয়তে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ বিষয়ে আয়োগক অৱগত কৰিব পাৰি। এই বিষয়ে জিলা নির্বাচনী বিষয়াকো পোনপটীয়াকৈ অভিযোগ দিব পাৰি। অভিযোগ দাখিল কৰা ব্যক্তিৰ বিষয়ে সকলো তথ্য গোপনে ৰখা হ'ব বুলি আয়োগে প্ৰকাশ কৰিছে।

May 6, 2024 12:02 PM

চত্তিশগড়ৰ সুৰজপুৰ চহৰত জনসভা সম্বোধন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ

◊ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্রকাশ নাড্ডাই কালি চত্তিশগড়ৰ সুৰজপুৰ চহৰত এখন জনসভাক সম্বোধন কৰে। তেওঁ কয় যে, কেন্দ্ৰত থকা বিজেপি চৰকাৰে উন্নয়নৰ নতুন পৰিসৰ স্থাপন কৰিছে। বিগত ১০ বছৰত দেশৰ বেছিভাগ অঞ্চলৰ পৰাই নক্সালবাদ নিৰ্মূল কৰা হৈছে বুলি বিজেপিৰ সভাপতিগৰাকীয়ে মত প্রকাশ কৰে। তেওঁ উল্লেখ কৰে যে, অভিলাসী জিলা কার্যসূচী, গ্রাম বিকাশ আৰু একলব্য আদর্শ বিদ্যালয় আদিৰ দৰে মোদী চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ জৰিয়তে জনজাতীয় অঞ্চলসমূহত উন্নয়নৰ নতুন ধাৰা মুকলি কৰা হৈছে। তেওঁ লগতে বিজেপি চৰকাৰে জনজাতীয়...

May 4, 2024 1:19 PM

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ২০ মে’ত ভোটগ্ৰহণ

♦লোকসভা নির্বাচনত পঞ্চম পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব। কালি মনোনয়ন পত্র দাখিলৰ অন্তিম দিন আছিল। এই পৰ্যায়ৰ বাবে সোমবাৰৰ দিনটো মনোনয়ন পত্র প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে ২০ মে'ত ভোটগ্ৰহণ কৰা হ’ব। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা কালি উত্তৰ প্ৰদেশত কেইবাগৰাকীও আগশাৰীৰ নেতাই মনোনয়ন দাখিল কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি উত্তৰ প্ৰদেশৰ ৰায়বৰেলী সমষ্টি...

May 11, 2024 6:46 PM

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দভংগাত বিজেপিৰ প্ৰাৰ্থী গোপালজী ঠাকুৰৰ সমৰ্থনত এখন জনসভাক সম্বোধন কৰিব। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ, কংগ্ৰেছ দলৰ নেত্ৰী...

May 4, 2024 12:39 PM

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনটোত অন্তৰ্গত সমষ্টিসমূহত বন্ধৰ দিন হিচাপে ঘোষণা

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্ৰহণৰ দিনটো অৰ্থাৎ ৭ মে' বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে, ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্ৰকাশ কৰে।

May 11, 2024 6:45 PM

৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰা নিৰ্বাচনী জিলাৰ ৯১০টা ভোটগ্রহণ কেন্দ্ৰত জিলা প্ৰশাসনৰ প্রস্তুতি

♦অহা ৭ মে’ত হ’বলগীয়া ভোটগ্ৰহণৰ বাবে গোৱালপাৰা নিৰ্বাচনী জিলাৰ ৯১০টা ভোটগ্রহণ কেন্দ্ৰত জিলা প্ৰশাসনে প্রস্তুতি চলাইছে। ভোটগ্রহণ সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলাখনক ১০৩ টা ছেক্টৰত ভাগ কৰা হৈছে। নির্বাচন পৰিচালনাৰ বাবে মাণ্ডলিক বিষয়া, অসামৰিক ছেক্টৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষীৰ ছেক্টৰ বিষয়াসকলৰ লগত জিলা প্রশাসনে বিয়লি ভোটগ্ৰহণৰ চূড়ান্ত প্ৰস্তুতিৰ বিষয়ে এখন সভা অনুষ্ঠিত কৰে। সভাত ভোটগ্রহণকাৰী বিষয়াসকলক গোৱালপাৰা জিলা আয়ুক্তৰ চৌহদৰ ই ভি এম বিতৰণ স্থানৰ পৰা ভোটগ্রহণ কেন্দ্ৰলৈ লৈ যোৱা আৰু ভোটগ...

May 4, 2024 11:45 AM

মাজত মাথোঁ এটা দিনঃ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

◊ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শৰ্মাই কালি বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিত কেইবাখনো নির্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ সমর্থিত ইউ প...

May 3, 2024 12:04 PM

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব আৰু সোমবাৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ব।

May 3, 2024 11:27 AM

তৃতীয় পৰ্যায়ত ৰাজ্যত হ’বলগীয়া নিৰ্বাচনৰ অন্তৰ্গত সমষ্টিসমূহৰ জিলাকেইখনত ভোটগ্রহণৰ দিনটো বন্ধৰ দিন হিচাপে ঘোষণা

◊ তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্রহণৰ দিনটোত অর্থাৎ ৭ মে’ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা, প্ৰয়োজনীয় তথ্যপাতি থকা পৰ্যটক আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহন সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।