April 15, 2024 12:26 PM

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। দলসমূহে শীর্ষ নেতৃত্ব আৰু তাৰকা প্ৰচাৰকৰ উপস্থিতিত সমষ্টিসমূহৰ ঠায়ে ঠায়ে জনসমাবেশ, মটৰ চাইকেল সমদল, ৰোড শ্ব' আদি অনুষ্ঠিত কৰিও প্ৰচাৰ চলাইছে। তদুপৰি বিভিন্ন অঞ্চললৈ গৈ ভোটদাতা ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ মন জয় কৰাৰ চেষ্টা চলাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ এপ্ৰিলত বৰপেটা আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নির্বাচনী প্ৰচাৰ...

April 15, 2024 12:15 PM

লোকসভা নির্বাচনৰ বাবে বিজেপিৰ সংকল্পপত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ

সমাগত লোকসভা নির্বাচনৰ বাবে বিজেপিয়ে কালি সংকল্পপত্ৰ নামেৰে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জ্যেষ্ঠ নেতা ৰাজনাথ সিঙৰ উপস্থিতিত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এই ইস্তাহাৰ জাৰি কৰে। ইস্তাহাৰত দলে উমৈহতীয়া দেৱানি বিধি, এখন ৰাষ্ট্র-এটা নিৰ্বাচন আৰু একক নির্বাচন তালিকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দলে লগতে প্রধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত পৰৱৰ্তী ৫ বছৰৰ বাবে বিনামুলীয়া ৰেচন যোগান ব্যৱস্থা অব্যা...

April 7, 2024 9:23 PM

কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি নিৰ্বাচনী প্ৰচাৰত ভাগ ল’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব ৷ মৰৱা বিমনবন্দৰ গ্ৰাউণ্ডত আয়োজিত হ'বলগীয়া জনসভাত ৰাজ্যখনৰ কেবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ মহাযুঁটি মিত্ৰজোঁটৰ নেতাই অংশগ্ৰহণ কৰিব। ৰাজ্যখনৰ বনমন্ত্ৰী সুধীৰ মুংগাণ্টিৱাৰে চন্দ্ৰপুৰ লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে গৰচিৰলিৰ বৰ্তমানৰ সাংসদ অশোক নেতেয়ে ...

April 7, 2024 8:36 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত নির্বাচনী সভাত অংশগ্রহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰ উত্তৰ বংগৰ উন্নয়নৰ বাবে প্রতিশ্রুতিবদ্ধ। শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰাৰ পৰা বিৰত থাকি ৰাজ্যখনৰ জনসাধাৰণক বঞ্চিত কৰিছে বুলি তেওঁ অভিযোগ তোলে। শ্রী মোদীয়ে আই এন ডি আই মিত্ৰজোঁটৰ দেশক নেতৃত্ব দিয়াৰ কোনো পৰিকল্পনা নাই বুলিও সমালোচনা কৰে। তেওঁ কয় যে, উত্তৰ বংগলৈ অধিক পৰ্যটক তথা বিনিয়োগ আকর্ষণ কৰাৰ উদ্দেশ্যে জি-২...

April 7, 2024 6:45 PM

বাক্সা, তামুলপুৰ আৰু  কামৰূপ নির্বাচনী জিলাত প্ৰশাসনৰ ভোটাৰ সজাগতা তথা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণ ভোটগ্রহণৰ প্ৰস্তুতি

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে ৰাজ্যজুৰি ভোটদাতাসকলৰ বাবে সজাগতা কাৰ্যসূচীৰ আয়োজনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ বিভিন্ন ঠাইত আজি নির্বাচনী সজাগতামূলক কেইবাখনো সভা অনুষ্ঠিত হয়। ইয়াৰে কেইখনমান সভাত সংগীত শিল্পী মণিষা হাজৰিকাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। কাৰ্যসূচীসমূহৰ জৰিয়তে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিতো চাৰি শতাধিক শিক্ষাৰ্থীক লৈ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ...

April 7, 2024 6:39 PM

অসমত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মন্ত্ৰী-বিধায়ককে ধৰি বিৰোধী ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ ৯ দিন থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপি মিত্ৰজোঁটৰ কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যাপ্রসাদ তাছাৰ হৈ গোলঘাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে হোজাই আৰু দেৰগাঁৱত নির্বাচনী সভাত অংশগ্রহণ কৰে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ নয়। এই কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকা, ...

April 7, 2024 1:32 PM

ৰাজ্যত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে জিলা প্রশাসনসমূহৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ

বিভিন্ন জিলা প্রশাসনে ৰাজ্যখনত লোকসভা নির্বাচন স্বচ্ছ, মুক্ত আৰু নিকাকৈ সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনাৰ ৰোধ কৰিবলৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন জিলাত নিৰ্বাচনত নিয়োজিত হ'বলগীয়া বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ, ভোটাৰ সজাগতা কাৰ্যসূচী আদি চলি থকাৰ সমান্তৰালকৈ অবৈধ ধনৰ সৰবৰাহ ৰোধ, মাদক দ্রব্য জব্দ কৰা আদি কাৰ্যও কৰি থকা হৈছে। মৰিগাঁও জিলাৰ ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। কালি দ্বিতীয় দিনা ২,১১...

April 7, 2024 12:59 PM

মঙলদৈ, হাইলাকান্দি জিলাত ভোটাৰ শিক্ষণ তথা সজাগতা কাৰ্যসূচী

মঙলদৈ জিলা পুথিভৰাঁলত সূক্ষ্ম পর্যবেক্ষকসকলৰ এখন দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিয়োগ কৰা ২৫৯ জন সূক্ষ্ম পর্যবেক্ষকক এই কাৰ্যসূচীত প্রশিক্ষণ দিয়া হয়। ইতিমধ্যে জিলাখনৰ দলগাঁও, মঙলদৈ আৰু ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটগ্রহণকাৰী বিষয়াসকলৰ প্রশিক্ষণ সম্পন্ন হৈছে। ইফালে জিলাখনত ভোটদাতা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্রহণত অংশগ্রহণ কোষ অর্থাৎ ছুইপে বিভিন্ন সজাগতামূলক কার্যসূচী গ্রহণ কৰিছে। জিলাখনত তিনিটা বিধানসভা...

April 5, 2024 8:47 PM

কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰক মিথ্যাচাৰৰ মালিতা বুলি অভিহিত বিজেপিৰ

বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা ইস্তাহাৰক মিথ্যাচাৰৰ মালিতা বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে ভোটদাতাসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এই ইস্তাহাৰ যুগুতাই উলিওৱা হৈছে। কংগ্ৰেছে বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ বাবে পূৰ্বতে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰৰ এটাও প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বুলি তেওঁ অভিযোগ কৰে। শ্ৰী ত্রিবেদীয়ে কয় যে কংগ্ৰেছে ইস্তাহাৰখনৰ জল ব্যৱস্থাপনা বিষয়ক পৃষ্ঠাত নিউয়ৰ্কৰ বাফেলো...

April 5, 2024 8:35 PM

ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নিৰ্দেশ

◊ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভোটদানৰ হাৰ বৃদ্ধি আৰু আচৰণগত হাৰ বৃদ্ধিৰ বাবে ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বচা বচা জিলাৰ নিৰ্বাচনী বিষয়া আৰু পৌৰ আয়ুক্তসকলক নিৰ্দেশ দিছে। মুখ্য আয়ুক্তগৰাকীয়ে তেওঁলোকক নগৰ আৰু গ্ৰামাঞ্চলৰ বাবে সুকীয়া সুকীয়া ৰণনীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। শ্ৰী কুমাৰে আজি নতুন দিল্লীত অনুষ্ঠিত পৌৰ আয়ুক্ত আৰু কেইখনমান জিলাৰ নিৰ্বাচনী বিষয়াৰ সৈতে হোৱা বৈঠকত অধ্যক্ষতা কৰি এইদৰে নিৰ্দেশ দিয়ে। আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ উ...