April 22, 2024 11:44 AM

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰেলী আৰু ৰোড শ্ব’ৰে ভোটাদাতাৰ মন আকৰ্ষণৰ চেষ্টা দলীয় নেতাৰ

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ইখনৰ পিছত সিখনকৈ ৰেলী আৰু ৰোড শ্ব’ৰ আয়োজন কৰি ভোটদাতাৰ মন আকৰ্ষণ কৰাৰ আপ্রাণ চেষ্টা চলাইছে। এই পৰ্যায়ত অহা ২৬ এপ্ৰিলত কেৰালাৰ ২০ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ ৮ খনকৈ, মধ্য প্ৰদেশৰ ৭ খন, অসম আৰু বিহাৰৰ ৫ খনকৈ, পশ্চিম বংগ আৰু ছত্তিশগড়ৰ ৩ খনকৈ আৰু ত্ৰিপুৰা আৰু জম্মু-কাশ্মীৰৰ এখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন...

April 21, 2024 6:16 PM

কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্র নাকচ

কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন পত্র অবৈধ বুলি নির্বাচন আয়োগে এটা নির্দেশ যোগে ঘোষণা কৰিছে। এই সংক্ৰান্তত কোকৰাঝাৰ সমষ্টিৰ মুঠ ১৬ খন মনোনয়ন পত্ৰৰ ভিতৰত নৱ কুমাৰ শৰনীয়াৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত অবৈধতাৰ ভিত্তিত নাকচ কৰা হৈছে বুলি ৰিটার্নিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, সমষ্টিটোৰ সাধাৰণ পৰ্যৱেক্ষক, ৰিটার্নিং বিষয়াৰ লগতে প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী তথা তেওঁলোকৰ প্ৰস্তাৱকসকল মনোনয়ন পত্ৰৰ পৰীক্ষণৰ সময়ত উপস্থিত আছিল। উল্লে...

April 21, 2024 6:07 PM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। এই উদ্দেশ্যেৰে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্বোত অংশগ্ৰহণ কৰিব। আনহাতে ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ডিফু সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ ছিং তিছ'ৰ হৈ প্ৰচাৰ চলায়। বোকা...

April 21, 2024 1:21 PM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ ৫ টা সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰ

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছ দলেও সমষ্টিকেইটাত প্ৰচাৰ অব্যাহ...

April 21, 2024 1:02 PM

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। কাইলৈ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইপিনে, কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী নৱ শৰণীয়াৰ প্ৰাৰ্থীত্বক লৈ বিৰ...

April 21, 2024 1:27 PM

২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে দেশৰ ৮৮ টা সংসদীয় সমষ্টিত ১,১৯৮ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অহা ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে দেশৰ ৮৮ টা সংসদীয় সমষ্টিত ১,১৯৮ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দ্বিতীয় পৰ্যায়ত অসমত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। কৰিমগঞ্জত ২৪, নগাওঁত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ দৰং-ওদালগুৰি সমষ্টিত এন ডি এৰ প্ৰাৰ্থী তথা সাংসদ দিলীপ শ‍ইকীয়া, কংগ্ৰেছৰ মাধৱ ৰাজবংশী আৰু বিপিএফৰ দুৰ্গাদাস বড়োয়ে প্রতিদ্বন্দিতা আগবঢ়াইছে। ইপিনে, শিলচৰত বিজেপি মিত্...

April 21, 2024 11:39 AM

ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে আয়োগৰ অনুমতি অবিহনে ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত নির্বাচন আয়োগৰ বাধা আৰোপ

নির্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চাৰ্টিফিকেশ্বন এও ম'নিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল, প্রার্থী, সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত বাধা আৰোপ কৰিছে। ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপত্তিজনক বিজ্ঞাপনে ক্ষতিগ্রস্ত কৰা পক্ষই আত্মপক্ষ সমর্থনৰ কাৰণে কোনো সময় বা সুযোগ নোপোৱাৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে এই স্থিতি গ্ৰহণ কৰিছে। সংবিধানৰ ৩২৪ নম্বৰ অনুচ্ছেদৰ অধীনত প্রদত্ত ক্ষমতাৰ প্ৰয়োগে...

April 20, 2024 12:32 PM

লোকসভা নিৰ্বাচনৰ বাবে বহুজন সমাজ পাৰ্টীৰ ষষ্ঠখন প্ৰাৰ্থী তালিকা প্ৰকাশ

লোকসভা নিৰ্বাচনৰ বাবে বহুজন সমাজ পাৰ্টী (বি এছ পি)য়ে দলীয় প্ৰাৰ্থীৰ ষষ্ঠখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত দলে ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইবাৰ দলে বাৰাণসীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰাৰ্থী সলনি কৰিছে। সেই অনুসৰি বাৰাণসীৰ বাবে অটহৰ জামাল লাৰিৰ ঠাইত চৈয়দ নিয়াজ আলীক প্রার্থী হিচাপে প্ৰক্ষেপ কৰিছে। আনহাতে হাৰদৈ সংৰক্ষিত আসনখনৰ বাবে ভীমৰাও আম্বেদকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে সন্ত কবীৰনগৰত মহম্মদ আলম আৰু ফটেহপুৰত ড০ মনীষ সিং সচানক প্রার্থী হিচাপে থিয় কৰোৱাইছ...

April 20, 2024 12:31 PM

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ, বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী সভা আৰু ৰোড শ্ব’

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাছত বাকীকেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তত নির্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত এখন নির্বাচনী সভাক সম্বোধন কৰে। শ্ৰী মোদীয়ে কয় যে এইবাৰৰ নিৰ্বাচন দেশৰ ভৱিষ্যত সুনিশ্চিত কৰা আৰু অনাগত ৫ বছৰত দেশক মহাশক্তি ৰূপে গঢ়ি তোলাৰ নিৰ্বাচন হিচাপে পৰিগণিত হৈছে। ইপিনে, কংগ্ৰেছৰ ৰা...

April 19, 2024 8:54 PM

দেশত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত বিয়লি ৫ বজালৈ প্রায় ৬২ শতাংশ ভোটদান

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ ইতিমধ্যে সম্পন্ন হৈছে। দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে ভোটগ্রহণ প্রায় শান্তিপূর্ণভাৱে সম্পন্ন হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি এই পৰ্যায়ত সামৰি লোৱা ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২টা সমষ্টিত বিয়লি ৫ বজালৈ সামগ্রিকভাৱে প্রায় ৬২ শতাংশ ভোটদান হোৱা বুলি জানিব পৰা গৈছে। বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি পশ্চিমবংগত সর্বাধিক ৭৭ দশমিক ৫-৭ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। ত্ৰিপুৰাত ৭৬ শতাংশৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আ...