April 5, 2024 7:31 PM

ডিফু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন

◊ সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কার্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ'চাইটিৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনিৰ নাট্যকাৰ আৰু পৰিচালক বশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ'। নাটকৰ যোগেদি তৃতীয় লিংগৰ ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ সুবিধা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰা হয়। অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক...

April 5, 2024 7:12 PM

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। জম্মু-কাশ্মীৰত কাইলৈ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কালি আছিল অন্তিম দিন। অহা ২৬ মাৰ্চত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী থকা অংশ তথা ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন লোকসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। কেৰালাৰ ১২ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, মধ্যপ্ৰদেশত ৭ খন আসনৰ উপৰি উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ৮ ...

April 5, 2024 6:53 PM

অসমত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

→ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে অসমত ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। এই পৰ্যায়ত ৫ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মল্লা, দিলীপ শ‍ইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিপিএফৰ বিধায়ক দুর্গাদাস বড়ো আছে। এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছেও তৃতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থী থিয় কৰাইছে।

April 5, 2024 6:46 PM

ৰাজ্যত জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজক ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী

সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ'চাইটিৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনিৰ নাট্যকাৰ আৰু পৰিচালক বশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ'। নাটকৰ যোগেদি তৃতীয় লিংগৰ ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ সুবিধা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰা হয়। অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যৱেক্ষ...

April 5, 2024 1:26 PM

মাজুলী জিলা আয়ুক্তই নির্বাচনী প্রশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো কাৰ্যসূচী নিৰীক্ষণ

♦ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। মাজুলীত নির্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে কালি মাজুলী আউনীআটি হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাখনৰ ৭৯৬ গৰাকী প্রিজাইডিং, প্রথম পোলিং, দ্বিতীয় পোলিং আৰু তৃতীয় পোলিং বিষয়াক দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্রশিক্ষণ প্ৰদান কৰা হয়। মাজুলী জিলা আয়ুক্তই নির্বাচনী প্রশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো কাৰ্যসূচী নিৰীক্ষণ কৰে। মৰিগাঁও জিলাত নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভ...

April 5, 2024 1:18 PM

ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগৰ পুনৰবাৰ স্পষ্ট

♦ দেশৰ ভোটদান প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা ইলেকট্রনিক ভোটিং মেচিন সম্পূৰ্ণ সুৰক্ষিত আৰু নিৰাপদ বুলি নিৰ্বাচন আয়োগে পুনৰবাৰ স্পষ্ট কৰি দিছে। সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আয়োগৰ তৰফৰ পৰা ইলেকট্রনিক ভোটিং মেচিন আৰু ভোটাৰ ভেৰিফাইড পেপাৰ অডিটট্রেইল চমুকৈ ভিভিপেট আদিক লৈ থকা সাধাৰণ ভোটাৰৰ বিভিন্ন প্রশ্নৰ উত্তৰ ব্যাখ্যা কৰা হৈছে। নিৰ্বাচন আয়োগে এই বুলি স্পষ্ট কৰি দিছে যে ভোটদানৰ বাবে ই ভি এমৰ ব্যৱহাৰ সম্পূৰ্ণ সুৰক্ষিত। ই ভি এম সমূহ সদায় আৰক্ষীৰ তত্ত্বাৱধানত সুৰক্ষ...

April 5, 2024 1:49 PM

কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত প্রার্থী কামাখ্যা প্রসাদ তাছাৰ নির্বাচনী প্ৰচাৰ অব্যাহত

♦ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো ৰাজনৈতিক দলৰে প্ৰচাৰ অভিযান তুংগত উঠিছে। কাজিৰঙা সংসদীয় সমষ্টিৰ এন ডি এ সমৰ্থিত বিজেপি প্রার্থী কামাখ্যা প্রসাদ তাছাৰ সমৰ্থনত বিজেপি-অগপ-সন্মিলিত গণশক্তিৰ কৰ্মকৰ্তাসকলে নির্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। এই প্ৰচাৰ কাৰ্যসূচীক অধিক জনমুখী কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ৭ এপ্ৰিলত বোকাখাটৰ বিহৰাৰ কুঁহিয়াৰবাৰীত এখন নির্বাচনী জনসভা সম্বোধন কৰিব। বোকাখাটত থকা বোকাখাট বিধানসভা সমষ্টিৰ মিত্ৰদলসমূহৰ যুটীয়া নিৰ্বাচনী কাৰ্যালয়ত উপস...

April 5, 2024 1:07 PM

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

→ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজ্যত মুঠ ৬৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ কালি অন্তিম দিনা ৰাজ্যৰ ৫টা লোকসভা সমষ্টিৰ বাবে কালি ৩৮খন মনোনয়ন দাখিল কৰা হয়। ইয়াৰে দৰং-ওদালগুৰিত ৫ গৰাকী, ডিফুত এগৰাকী, কৰিমগঞ্জত ২০ গৰাকী, শিলচৰত দুগৰাকী আৰু নগাঁৱত ১০গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ৰাজ্য পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিজেপি সাংসদ কৃপানাথ মল্লা, দিলীপ শ‍ইকীয়া, কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ ব...

April 4, 2024 9:24 PM

লোকসভা নিৰ্বাচনৰ বাবে চিপিআই এমৰ দলীয় ইস্তাহাৰ প্ৰকাশ

♦ চিপিআই এমে আজি সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ প্ৰকাশ কৰে। দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী আৰু পলিটব্যুৰো সদস্য প্রকাশ কাৰাট, বৃন্দা কাৰাট, নিলোৎপল বসু আৰু তপন সেনে নতুন দিল্লীত এই ইস্তাহাৰ মুকলি কৰে। দলে ইস্তাহাৰত চহকী শ্ৰেণীৰ ওপৰত কৰ, উত্তৰাধিকাৰ কৰ আৰু সাধাৰণ সম্পত্তি কৰ সন্দৰ্ভত আইন প্ৰস্তুত কৰা, ব্যক্তিগত খণ্ডত সংৰক্ষণ, নিৰ্বাচনৰ বাবে চৰকাৰী পুঁজি আহৰণ তথা ৰাজনৈতিক দলসমূহে উদ্যোগজগতৰ পৰা লাভ কৰা বৰঙণিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ আৰোপৰ বিষয়সমূহ সামৰি লৈছে। চিপিআই এমে ইস্তাহাৰত ক...

April 4, 2024 8:51 PM

লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনৰ প্রস্তুতিঃ প’লিং, প্রিজাইডিং তথা সূক্ষ্ম পর্যবেক্ষক সকলক প্ৰশিক্ষণ

◊ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্রশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। শিৱসাগৰ জিলাত নিৰ্বাচনী প্রস্তুতিৰ অংশ হিচাপে বিভিন্ন পর্যায়ত প'লিং, প্রিজাইডিং তথা সূক্ষ্ম পর্যবেক্ষক সকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলাখনৰ ডিমৌ বিধানসভা সমষ্টিৰ ৪৮১টা ভোটগ্রহণ কেন্দ্ৰ আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ ২৬৯টা ভোটগ্রহণ কেন্দ্রৰ প্রস্তুতি অন্তিম পৰ্যায়ত উপনীত হৈছে। মহিলা সবলীকৰণৰ বাবে ভাৰতীয় নির্বাচন আয়োগে হাতত লোৱা বিধি অনুযায়ী দুয়োটা বিধানসভা সমষ্টিৰ প্ৰত্যেকটে চাৰিটাকৈ ভোটগ্রহণ ক...