April 7, 2024 12:17 PM

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জবলপুৰ সমষ্টিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ ৰোড শ্ব′ত অংশ লব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাগত লোকসভা নিৰ্বাচনৰ বাবে আজি মধ্যপ্ৰদেশৰ জবলপুৰ সমষ্টিত এটা ৰোড শ্ব′ত অংশগ্ৰহণ কৰি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। এই ৰোড শ্ব'টো আজি সন্ধিয়া শ্বহীদ সিং ক্ৰচিঙৰ পৰা আৰম্ভ হৈ গোৰখপুৰৰ আদি শংকৰাচাৰ্য ক্ৰচিঙত অন্ত পৰিব। উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ মহাকোশল অঞ্চলৰ অন্তৰ্ভুক্ত বালাঘাট আৰু জবলপুৰ সমষ্টি দুটাত বহু জনজাতীয় ভোট আছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত মধ্যপ্ৰদেশৰ ২৯ খন আসনৰ ভিতৰত কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হোৱা চিন্দ্ৰৱাৰা সমষ্টিটোও এই অঞ্চলৰে অন্তৰ্ভুক্ত। প...

April 7, 2024 12:00 PM

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ নাৱাডাত নির্বাচনী সভাত ভাষণ দিব

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ নাৱাডাত এখন নির্বাচনী সভাত ভাষণ দিব। এই সভাখনত বিজেপিৰ নেতাসকলৰ লগতে এন ডি এৰ অন্তৰ্ভুক্ত আন ৰাজনৈতিক দলৰ নেতাসকলেও অংশগ্ৰহণ কৰিব। এইখন হ'ব এই সপ্তাহটোত ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়খন নির্বাচনী সভা। ইয়াৰ পূৰ্বে যোৱা চাৰি এপ্ৰিলত প্রধানমন্ত্ৰীয়ে জামুই সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। নাৱাডাত প্রধানমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে নাৱাডা, গয়া, ঔৰংগাবা...

April 6, 2024 4:58 PM

দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ৰ নির্বাচন

দেশৰ আটাইতকৈ সৰু লোকসভা সমষ্টি লাক্ষাদ্বীপত ১৯ এপ্রিলত প্রথম পর্যায়ত নির্বাচন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ একমাত্ৰ সমষ্টিটোত চাৰিজন প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি লাক্ষাদ্বীপ সমষ্টিত বৰ্তমানৰ সাংসদ তথা এন চি পিৰ শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থী মহম্মদ ফৈজল, প্রাক্তন সাংসদ তথা কংগ্ৰেছৰ প্রার্থী হামদুলিল্লাহ ছৈয়দ, বিজেপি সমর্থিত এন চি পিৰ অজিত পাৱাৰ গোটৰ প্ৰাৰ্থী টি পি ইউছুফ আৰু নিৰ্দলীয় প্রার্থী কে কয়াৰ মাজত ...

April 6, 2024 4:38 PM

ছাহাৰানপুৰৰ জনসভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এইবাৰৰ নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত হোৱা নাই, বৰং এখন উন্নত ভাৰত গঠনৰ বাবে অনুষ্ঠিত হৈছে। যোৱা ৫ বছৰত ভাৰত বিশ্বৰ পঞ্চম স্থানৰ অৰ্থনীতি হ'বলৈ সমৰ্থ হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। ছাহাৰানপুৰৰ এখন জনসভাত ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে কয়। তেওঁ ছাহাৰানপুৰৰ বিজেপি প্রার্থী ৰাঘৱ লখনপাল আৰু কৈৰানাৰ বিজেপি প্রার্থী প্ৰদীপ চৌধাৰীৰ হৈ প্ৰচাৰ চলায়। এই সভাত বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে...

April 6, 2024 12:55 PM

লোকসভা নিৰ্বাচনৰ ভোটদানৰ আগদিনা আৰু ভোটদানৰ দিনা বাতৰিকাকতত প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহত এমচিএমচিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ-পত্ৰ ল’ব লাগিব

ভাৰতীয় নির্বাচন আয়োগ লোকসভা নিৰ্বাচনৰ ভোটদানৰ আগদিনা আৰু ভোটদানৰ দিনা বাতৰি কাকতত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশত যথেষ্ট কঠোৰ হৈছে। এই দুয়োটা দিনতে প্ৰকাশ পাবলগীয়া ৰাজনৈতিক বিজ্ঞাপনসমূহ ৰাজ্যিক অথবা জিলা পৰ্যায়ৰ এম চি এম চিৰ পৰা প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ ল’ব লাগিব। ভাৰতৰ নিৰ্বাচন আয়োগৰ অধীনস্থ সচিব ৰাজেশ কুমাৰ সিঙে যোৱা পহিলা এপ্ৰিলত এখন পত্রযোগে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াসকললৈ নিৰ্দেশনা প্ৰদান কৰিছে। পত্রযোগে কোৱা হৈছে যে এনে বহু বিজ্ঞাপনে নিৰ্বাচনত জনসাধাৰণক...

April 5, 2024 8:35 PM

ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নিৰ্দেশ

◊ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভোটদানৰ হাৰ বৃদ্ধি আৰু আচৰণগত হাৰ বৃদ্ধিৰ বাবে ভোটগ্রহণ কেন্দ্ৰ পৰ্যায়ত কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বচা বচা জিলাৰ নিৰ্বাচনী বিষয়া আৰু পৌৰ আয়ুক্তসকলক নিৰ্দেশ দিছে। মুখ্য আয়ুক্তগৰাকীয়ে তেওঁলোকক নগৰ আৰু গ্ৰামাঞ্চলৰ বাবে সুকীয়া সুকীয়া ৰণনীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে। শ্ৰী কুমাৰে আজি নতুন দিল্লীত অনুষ্ঠিত পৌৰ আয়ুক্ত আৰু কেইখনমান জিলাৰ নিৰ্বাচনী বিষয়াৰ সৈতে হোৱা বৈঠকত অধ্যক্ষতা কৰি এইদৰে নিৰ্দেশ দিয়ে। আসন্ন লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ উ...

April 5, 2024 8:29 PM

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ জম্মু-কাশ্মীৰৰ এটা সংসদীয় সমষ্টিৰ মনোনয়ন কাইলৈ পৰীক্ষা কৰা হ’ব

◊ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হয়। অৱশ্যে এই পৰ্যায়ত সামৰি ল'বলগীয়া জম্মু-কাশ্মীৰৰ এটা সংসদীয় সমষ্টিৰ মনোনয়ন সমূহ কাইলৈ পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ কিছু অংশৰ লগতে ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন লোকসভা আসনৰ বাবে অহা ২৬ মাৰ্চত নির্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত কেৰালাৰ ১২ খন, কৰ্ণাটকৰ ১৪ খন, ৰাজস্থানৰ ১৩ খন, মধ্যপ্ৰদেশত ৭ খন আসনৰ উপৰি উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ৮ খনকৈ আসন, অসম আৰু বিহাৰত ৫ খনকৈ, পশ্চিম ব...

April 5, 2024 8:11 PM

লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষকৰ পৰ্যবেক্ষণ

♦ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষকৰ পৰ্যবেক্ষণ আসন্ন লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ কেইবাটাও লোকসভা সমষ্টিত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত সাধাৰণ পর্যৱেক্ষক উপস্থিত হয়। কৰিমগঞ্জ সংসদীয় সমষ্টিৰ সাধাৰণ পৰ্যৱেক্ষক আদিত্য কুমাৰ আনন্দ, কৰিমগঞ্জৰ অতিৰিক্ত আৱৰ্ত ভৱনত উপস্থিত হয়। পর্যৱেক্ষকগৰাকীক সাধাৰণ মানুহে প্ৰতিদিনে বিয়লি ৩ বজাৰ পৰা ৪ বজালৈ সাক্ষাৎ কৰিব পাৰিব পৰ্যৱেক্ষকগৰাকীৰ ফোন নম্বৰ হৈছে, 84720 80023 আৰু ই-মেইল আইডি হৈছে adityak.an...

April 5, 2024 7:55 PM

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত লোকনির্ণয়-২০২৪’ শীৰ্ষক অনুষ্ঠান

♦ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত লোকনির্ণয়-২০২৪ শীৰ্ষক অনুষ্ঠান প্ৰচাৰ হ'ব। এই অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী আৰু মমতা মিশ্ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই।

April 5, 2024 7:36 PM

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালৰ জোনাইত নির্বাচনী সভাত অংশগ্ৰহণ

◊ ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ, আম আদমী পাৰ্টী, অসম গণ পৰিষদ, ইউ পি পি এল, বি পি এফ আদি দলসমূহে নির্বাচনী প্ৰচাৰ চলাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্রার্থী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে ডিগবৈত বিজয় সংকল্প সমদলত অংশগ্ৰহণ ...