June 4, 2024 9:08 PM

অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বিজেপিৰ জয়লাভ

অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বিজেপিয়ে জয়লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ অৰুণাচল পূব সমষ্টিত বিজেপিৰ টাপিৰ গাঁও আৰু অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্রীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেন ৰিজিজু বিজয় হৈছে। মিজোৰাম সমষ্টিত জোৰাম পিপলছ মুভমেন্ট দলৰ প্ৰাৰ্থী ৰিছাৰ্ড ভানলালমাংগাইহা জয় হৈছে। মেঘালয়ৰ শ্বিলং সমষ্টিত ভইছ অফ পিপলছ পাৰ্টীৰ ৰিকি ছিংকন আৰু তুৰা সমষ্টিত কংগ্ৰেছ দলৰ ছালেং এ ছাংমা জয় হৈছে। ত্ৰিপুৰাৰ দুটা সমষ্টিত বিজেপি প্রার্থী জয় হৈছে। ত্ৰিপুৰা পূব সমষ্টিত কীৰ্তি দেৱী দেৱবৰ্মন আৰু ত্ৰিপুৰা ৱেষ্ট সমষ...

June 4, 2024 4:15 PM

অসমত বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। গণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে। দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীতকৈ প্রায় এক লাখ ৯৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। যোৰহাটত কংগ্ৰেছ দলৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈতকৈ সামগ্রিকভাৱে এক লাখ ২৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। আনহ...

June 2, 2024 7:54 PM

লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ

ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ফলাফল ঘোষণাৰ দিনটোত আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে। জিলাখনৰ তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ ভোটগণনা সর্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰূমত অনুষ্ঠিত হ'ব। ইয়াৰে ডুমডুমা বিধানসভা সমষ্টিটো লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত হোৱাৰ বিপৰীতে আন তিনিটা সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত। প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটগণনা একে সময়তে ১৪খনকৈ টেবুলত অনুষ্...

June 2, 2024 1:13 PM

৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি সম্পূৰ্ণ

অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ যাৱতীয় প্ৰশিক্ষণৰ কালি অন্ত পৰে। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত তথা গুৱাহাটী লোকসভা সমষ্টিৰ ৰিটার্নিং বিষয়া সুমিত ছাত্তাৱনে ভোট গণনাত নিয়োজিত বিষয়াসকলক নিজৰ দায়িত্ব তথা কর্তব্য সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়। মৰিগাঁও জিলাৰ তিনিটা সমষ্টিৰ বাবে অহা ৪ জুনত তিনিটা ভোটগণনা...

June 2, 2024 12:57 PM

বিভিন্ন সংবাদ মাধ্যমৰ লোকসভা নিৰ্বাচনৰ নির্বাচনোত্তৰ সমীক্ষা প্রকাশ

লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমে নির্বাচনী সমীক্ষা প্রকাশ কৰিছে। শেহতীয়া তথ্য অনুসৰি আজ টক নামৰ সংবাদ প্রতিষ্ঠানে এন ডি এ মুঠ নির্বাচন অনুষ্ঠিত ৫৪২ খন আসনৰ ভিতৰত ১৭৪ ৰ পৰা ১৯৫ খন লাভ কৰিব বুলি প্ৰকাশ কৰিছে। ৰিপাবলিক টিভি আৰু পি এম এ আৰ কিউৰ মতে এন ডি এ মিত্রজোটে ৩৬৮ খন আসন লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ বিপৰীতে কংগ্ৰেছ মিত্রজোঁটে ১২৪ খন আসন লাভ কৰিব। মেটবিজ নামৰ প্ৰতিষ্ঠানটোৰ সমীক্ষা অনুসৰিও বিজেপি মিত্রজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিব। টাইমছ নাও নৱভাৰতৰ সমীক্ষা অনুসৰি এন ডি এ ...

June 2, 2024 12:53 PM

অন্তিম পর্যায়ৰ লোকসভা নিৰ্বাচনত ৬২.৩৬ শতাংশ ভোটদাতাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ত কালি ৬২.৩৬ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হয়। নির্বাচন আয়োগৰ তথ্য অনুসৰি সপ্তম পৰ্যায়ত বিহাৰত ৫১.৯২, চণ্ডিগড়ত ৬৭.৯০, হিমাচল প্ৰদেশত ৭০.৫, ঝাৰখণ্ডত ৭০.৬৬, ওড়িশাত ৭০.৬৭, পাঞ্জাবত ৬১.৩২, উত্তৰ প্ৰদেশত ৫৫.৫৯ আৰু পশ্চিমবংগত ৭৩.৭৯ শতাংশ ভোটদান সম্পন্ন হৈছে। সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্...

June 1, 2024 8:37 PM

লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ’বঃ জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই তেওঁৰ দলে লোকসভা নিৰ্বাচনত ৩৭০ খনৰ অধিক আসন লাভ কৰিব আৰু এন ডি এ মিত্ৰজোঁট ৪০০ খনৰো অধিক আসনত জয়ী হ'ব বুলি আস্থা প্ৰকাশ কৰিছে। আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিজেপি নেতাগৰাকীয়ে কয় যে, দেশৰ জনসাধাৰণে এইবাৰৰ নিৰ্বাচনত স্বজনতোষণ আৰু দুৰ্নীতিৰ ৰাজনীতিত প্ৰত্যাখ্যান কৰিব আৰু সৱলীকৰণ, উন্নয়ন তথা আত্মনিৰ্ভৰ ভাৰতবৰ্ষৰ অৱধাৰণাৰ সমৰ্থন কৰিব। শ্ৰী নাড্ডাই বিজেপি আৰু এন ডি এ মিত্ৰজোঁটৰ কৰ্মীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ নির্বাচন স...

June 1, 2024 8:32 PM

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে দিল্লীত বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ বৈঠক

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে নতুন দিল্লীত আজি বিৰোধী আই এন ডি আই মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মিত্রজোঁটটোৱে লোকসভা নিৰ্বাচনত তেওঁলোকে ২৯৫ৰো অধিক আসন লাভ কৰিব বুলি বিশ্বাস ব্যক্ত কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেই কয় যে, তেওঁলোকে নির্বাচন আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানকে ধৰি বিভিন্ন বিষয় লৈ আলোচনা কৰে। বিৰোধী পক্ষৰ নেতাসকলে লগতে ভোট গণনাৰ দিনা ল'ব লগীয়া সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়েও আলোচনা কৰা বুলি কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে। তেও...

June 1, 2024 8:30 PM

১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰ সামৰণি

◊লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হোৱাৰ লগে লগে ১৯ এপ্ৰিলত আৰম্ভ হোৱা বিশ্বৰ সৰ্ববৃহৎ নির্বাচনী প্ৰক্ৰিয়াৰো আজি সামৰণি পৰিল। বিগত ৪৩ দিনত দেশৰ ৫৪২টা সমষ্টিৰ ভোটদাতাসকলে অষ্টাদশ লোকসভালৈ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ উদ্দেশ্যে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। উল্লেখযোগ্য যে এইবেলি দেশৰ মুঠ ৫৪৩টা সমষ্টিৰ ভিতৰত ৫৪২টাৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছে। ছুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীগৰাকী বিনা প্রতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। সপ্তম পৰ্যায়ত আজি পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰ...

June 1, 2024 7:58 PM

ভোটগণনাৰ বাবে মুঠ ৫,৮২৩ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা হৈছেঃ অনুৰাগ গোৱেল

অহা ৪ জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ ৫০ খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত ৫২টা ভোটগ্রহণ কেন্দ্ৰত ভোটগণনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ভোটগণনাৰ বাবে কোঠাসমূহ সাজু কৰি তোলা হৈছে। সমান্তৰালভাৱে গণনাৰ দায়িত্বত থাকিবলগীয়া সকলোৰে প্ৰশিক্ষণ অব্যাহত আছে। বৰপেটা জিলা নির্বাচনী বিষয়াই জনোৱা অনুসৰি মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত দুটা বিধানসভা সম...