June 14, 2024 6:31 PM

তিনিচুকীয়াৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ

তিনিচুকীয়া জিলাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে আজি জিলাখনৰ গুইজান উচ্চ মাধ্যমিক বিদ্যালয়ত দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ শীৰ্ষক প্ৰশিক্ষণ প্ৰদান কৰে। এই প্ৰশিক্ষণত বানপানীৰ সৈতে জড়িৰ বিভিন্ন দুৰ্যোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰা হয়।

June 13, 2024 7:17 PM

অসম আন্দোলনৰ অন্যতম নেত্রী, সমাজকর্মী নগাঁও চহৰৰ আমোলাপট্টি নিবাসী গায়ত্ৰী গায়নৰ দেহাৱসান

অসম আন্দোলনৰ অন্যতম নেত্রী, সমাজকর্মী নগাঁও চহৰৰ আমোলাপট্টি নিবাসী গায়ত্ৰী গায়নৰ আজি নিজ বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। নেত্ৰীগৰাকীৰ মৃত্যুত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মাকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্রকাশ কৰিছে।

June 13, 2024 7:03 PM

নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ বিচৰণৰ ফলত জনসাধাৰণৰ মাজত আতংক

গোলাঘাট জিলাৰ নুমলীগড়ত খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে বিচৰণ কৰাৰ ফলত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে। হাতীৰ জাকটোৱে দিনৰ ভাগতে ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লেটেকুজান চাহ বাগিচা, দৈগ্ৰোং চাহ বাগিচা আদিৰ মাজেৰে বিচৰণ কৰাৰ লগতে সন্ধিয়াৰ ভাগত কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰি বাসগৃহ আৰু খেতিপথাৰত উপদ্ৰৱ চলাই আহিছে। ইয়াৰ ফলত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হোৱাৰ লগতে খেতিপথাৰৰ শস্য হাতীৰ জাকটোৱে তহিলং কৰিছে। অঞ্চলটোৰ ৰাইজে শীঘ্ৰে বন বিভাগক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে।

June 13, 2024 7:01 PM

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাটৰ চকলাটিং চাহ বাগিচাত সজাগতা সভা

বিশ্ব শিশু শ্রম বিৰোধী দিৱস উপলক্ষে আজি যোৰহাট জিলাৰ চকলাটিং চাহ বাগিচাত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত শিশু শ্ৰমিকৰ সমস্যা আৰু আনুষংগিক বিপদসমূহৰ বিষয়ে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে আলোচনা আগবঢ়ায়।

June 13, 2024 6:57 PM

চৰাইদেউত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ

চৰাইদেউ জিলাত কৃষি বিভাগৰ উদ্যোগত গাঁও পঞ্চায়তসমূহত মাহজোৰা কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান কাৰ্যসূচীৰ শিবিৰ চলি আছে। যিসকল কৃষকে পি এম কিষাণ প'ৰ্টেলত ই কে ৱাই চি সম্পন্ন কৰা নাই বা বেংক একাউণ্টৰ লগত আধাৰ সংলগ্ন কৰা নাই, তেওঁলোকক ডাকঘৰৰ ইণ্ডিয়ান পোষ্ট পেইমেণ্ট বেংকত একাউণ্ট খুলিবলৈ বিভাগৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। লগতে যিসকল কৃষকে পি এম কিষাণ প’ৰ্টেলত আধাৰ সংযুক্ত কৰা নাই তেওঁলোকক গ্রাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সংযুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য ...

June 13, 2024 6:54 PM

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি ডিব্ৰুগড়ত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াৰ বুজ লয়। তেওঁ বিশেষকৈ মোহনাঘাট, মাটিকটা, আইথান আৰু বগীবিলৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। খৰালী অহাৰ পূৰ্বেই খহনীয়া অব্যাহত হৈ থকা অঞ্চলসমূহত কেইবাখনো চৰকাৰী আঁচনি ৰূপায়ণ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে আজি অসম-অৰুণাচল সীমান্তৱৰ্তী গেৰমে নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ধেমাজি, জোনাই ভূমি সংৰক্ষণ সংমণ্ডলৰ অধীনত উত্তৰ নলবাৰী অঞ্চলত ৰূপায়িত হৈ থকা খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম পৰিদৰ্শন কৰ...

June 13, 2024 6:21 PM

বৰপেটাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে বৰপেটা জিলাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। কৃষি মন্ত্ৰ্যালয়ৰ উপ-সচিব মণিসুন্দৰ বেনাৰ্জীয়ে আজি দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী পোষণ আঁচনিখনৰ ৰূপায়ণ সম্পর্কে বুজ লয়। তেওঁ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজন পৰিৱেশনৰ ব্যৱস্থা, যোগান ধৰা খাদ্যৰ গুণগত মান আদি পৰ্যবেক্ষণ কৰে। ইয়াৰ লগতে তেওঁ শিক্ষানুষ্ঠানখনত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ডিজিটেল পুথিভঁৰালটো পৰিদৰ্শ...

June 13, 2024 6:10 PM

মৰিগাঁও জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ অৱস্থাৰ বুজ আয়ুক্ত দেৱাশিষ শৰ্মাৰ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি জিলা কাৰাগাৰ পৰিদৰ্শন কৰি তাত থকা কয়দীসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ কয়দীসকলৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে। তেওঁ বিশেষভাৱে জিলা কাৰাগাৰৰ আন্তঃগাঁথনি কয়দীসকলৰ থকা-খোৱাৰ ব্যৱস্থা শৌচাগাৰ আদি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কাৰাগাৰৰ ভিতৰত থকা চিকিৎ‍সালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰো স্বাস্থ্যৰ বুজ লয়।

June 13, 2024 6:06 PM

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। জলসম্পদ, বন, লোকনিৰ্মাণ, আভ্যন্তৰীণ জল পৰিবহণ, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসিঞ্চন, আবকাৰী, সমাজ কল্যাণ, সমবায়, নগৰ পানীযোগান, দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে আ...

June 1, 2024 8:12 PM

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক সজাগতা সভা

উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক মণ্ডলী আৰু জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত সম্পন্ন হোৱা এই সভাত মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া মুখ্য বক্তা হিচাপে উপস্থিত থাকে।