August 20, 2024 6:57 PM
লখিমপুৰত কৃষি বিভাগৰ এটা উচ্চস্তৰীয় দলৰ কৃষি বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ
লখিমপুৰ জিলাৰ আয়ুক্ত আৰু জিলা কৃষি বিষয়াৰ নেতৃত্বত কৃষি বিভাগৰ এটা উচ্চস্তৰীয় দলে আজি জিলাখনত চলি থকা কৃষি বিভাগৰ আঁচনিসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। তেওঁলোকে আঁচনিসমূহৰ ৰূপায়ণৰ বুজ ল'বলৈ বগী নদী কৃষি চক্ৰ আৰু ছাবতি কৃষি চক্ৰৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। তেওঁলোকে সামূহিক কঠিয়াতলী আঁচনিৰ অধীনত বানবিধবস্ত অঞ্চলত কৃষকক প্ৰদান কৰা ধানৰ সঁচ পৰীক্ষা কৰে। তেওঁলোকে লগতে বগী নদী বকুলবাৰী গাঁৱত ৰাষ্ট্ৰীয় খোৱাতেল অভিযানৰ অধীনত ৰোপণ কৰা তৈল খেজুৰৰ পুলিসমূহ পৰিদৰ্শন কৰে।