June 29, 2024 6:42 PM

লাডাখৰ দাউলট বেইগ ওল্ডি অঞ্চলত টি-৭২ টেংক পানীত ডুবি ৫জন সেনা জোৱানৰ মৃত্যু

লাডাখৰ দাউলট বেইগ ওল্ডি অঞ্চলত মন্দিৰ মাৰ্গ প্ৰকৃত নিয়ন্ত্ৰত ৰেখাৰ কাষত এখন টি-৭২ টেংক পানীত ডুবি পাঁচজন সেনা জোৱানে প্ৰাণ হেৰুৱাইছে। যোৱা নিশা টি-৭২ টেংকখন ছিয়ক নদী পাৰ হোৱা সময়ত দুর্ঘটনাটো সংঘটিত হয়। লেহৰ ভাৰতীয় সেনাবাহিনীৰ মুখপাত্রই এটা বিবৃতিত প্ৰকাশ কৰা মতে ২৮ জুনৰ নিশা পূব লাডাখৰ চাছেৰ ব্ৰাংছাৰ কাষৰ ছিয়ক নদীৰ হঠাতে জলপৃষ্ঠ বৃদ্ধি হোৱাত টেংকখন বন্দী হৈ পৰে। উদ্ধাৰ বাহিনী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় যদিও নদীৰ জলপৃষ্ঠ আৰু প্ৰচণ্ড সোঁতৰ বাবে উদ্ধাৰ কাৰ্যত সফল হ'ব নোৱাৰিলে আৰু টেংকখ...