September 15, 2024 7:48 PM
আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ মণ্ডলক ৩ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ
পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ তথা তালা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ মণ্ডলক আজি ৩ দিনৰ বাবে চি বি আইৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। দুয়োজন অভিযুক্তকে আজি শিয়ালদহ আদালতত হাজিৰ কৰোৱা হয়। উল্লেখযোগ্য যে দুয়োজন অভিযুক্তকে কালি নিশা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ধৰ্ষণ আৰু হত্যাৰ গোচৰত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল।