September 16, 2024 8:01 PM

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰৰ শুনানী কাইলৈও অব্যাহত থাকিব

উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা শুনানী কাইলৈও অব্যাহত থাকিব। শীর্ষ আদালতখনে যোৱা মাহত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ চুও মর্ট অর্থাৎ নিজাববীয়াকৈ গোচৰৰ শুনানী গ্রহণ কৰিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন তিনিজনীয়া বিচাৰপীঠে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ শেহতীয়া প্ৰতিবেদনৰ ওপৰত বিচাৰ-বিবেচনা কৰিব। উল্লেখযোগ্য যে, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে শনিবাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আ...

August 19, 2024 8:24 PM

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাক লৈ দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ

দেশৰ পদ্ম বঁটাৰে সন্মানিত ৭০ গৰাকীতকৈ অধিক চিকিৎসকে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আবাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ সৈতে জড়িত গোচৰত ব্যক্তিগতভাৱে হস্তক্ষেপ কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে। চিকিৎসকসকলে পত্ৰত উল্লেখ কৰিছে যে, এনেধৰণৰ অমানুসিক কাৰ্যই চিকিৎসা সেৱাৰ আন্তঃগাঁথনিক জোকাৰি যায়। তেওঁলোকে লগতে এনে দুষ্কার্য, বিশেষকৈ মহিলা, কিশোৰী তথা স্বাস্থ্যকৰ্মীসকলৰ বিৰুদ্ধে সংঘটিত অপৰাধ নির্মূল কৰাৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে...

August 18, 2024 7:32 PM

কলকাতাৰ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰায়ৰ চিবিআইৰ মনস্তাত্বিক পৰীক্ষা

দেশজুৰি আলোড়ন সৃষ্টি কৰা কলকাতাৰ চিকিৎ‍সকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত অভিযুক্ত সঞ্জয় ৰয়ৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে মনস্তাত্বিক পৰীক্ষা কৰিব। ইয়াৰ বাবে দিল্লীস্থিত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ মনোবৈজ্ঞানিক আৰু আচৰণগত বিশ্লেষকৰ এটা দল ইতিমধ্যে কলকাতাত উপস্থিত হৈছে। চিবিআইয়ে সঞ্জয় ৰয়ক ইতিপূর্বে জিম্মাত লৈছে। ইপিনে, আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষক কালি চি বি আইয়ে একেৰাহে দ্বিতীয় দিনৰ বাবে কেইবাঘণ্টা ধৰি জেৰা কৰে। চিবিআইয়ে পুনৰ...