August 20, 2024 8:07 PM

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ মুকলি

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো আজি মুকলি কৰা হয়। ৪ বছৰ ধৰি বিকল হৈ থকা কেন্দ্ৰটো বিধায়ক লৰেন্স ইছলাৰীয়ে উদ্বোধন কৰে। এতিয়াৰে পৰা বড়োলেণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে সহজে সৌৰজগত তাৰকামণ্ডলসহ জ্যোতির্বিজ্ঞানৰ তথ্যসমূহ লাভ কৰিব। উল্লেখযোগ্য যে ২০২০ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰটো উদ্বোধন কৰিছিল। উদ্বোধনৰ কিছুদিন পাছতেই কৰণা মহামাৰীৰ বাবে কেন্দ্ৰটো বন্ধ হৈ পৰিছিল ৷ ইয়াৰ পাছতে প্রধান প্রমোদ বড়ো নেতৃত্বাধীন বি...

May 13, 2024 8:32 PM

কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন

 কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত আজি কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন কৰা হয়। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদিৰ লগতে বিভিন্ন খেল- ধেমালি অনুষ্ঠিত হয়। বিয়লিৰ ভাগত নৃত্য-প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাইলৈ সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব।