August 2, 2024 4:44 PM

ৱাইনাডৰ ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে

♦ কেৰালাৰ ৱাইনাডত সংঘটিত ভূমিস্খলনৰ ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যাই ৩০০ৰ ঘৰ অতিক্ৰম কৰিছে ৷ শেহতীয়া তথ্য অনুসৰি এই শোকাবহ দুৰ্ঘটনাত এতিয়ালৈ ৩০৮ জন লোকে প্ৰাণ হেৰুৱাইছে। জিলাখনত স্থাপন কৰা ৯১ টা সাহায্য শিবিৰত ৭ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৱাইনাডত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। সেনা জোৱান, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চসমূহ পর্যবেক্ষণ কৰি আছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে ৰাজ্যখনৰ পাড়াৱেট্টিকুন্নু এলেকাত এগৰাকী মহিলাকে ধৰি চাৰিজন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। ভাৰতীয় ...

August 2, 2024 8:04 AM

ৱাইনাডৰ ভূমিস্খলনৰ ঘটনাত নিহত লোকাৰ সংখ্যা ২৭৪লৈ বৃদ্ধি

● কেৰালাৰ ৱাইনাডত হোৱা ভূমিস্খলনৰ ঘটনাত নিহত লোকাৰ সংখ্যা ২৭৪লৈ বৃদ্ধি পাইছে। এই ঘটনাত আহত ১৮৭ লোক বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু ১০৭ জন লোক সন্ধানহীন হৈ আছে। অঞ্চলটোত স্থাপন কৰা ৭০টা সাহায্য শিবিৰত ৭ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে।

August 1, 2024 2:51 PM

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৬০ অতিক্ৰম

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৬০ অতিক্ৰম কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্যান্য সংস্থাৰ সহযোগত যোৱা মঙলবাৰৰ পৰা অঞ্চলটোত সাহায্য আৰু উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে। IAF C-17 পৰিবহণ বিমানৰ জৰিয়তে অঞ্চলটোত ৫৩ মেট্রিকটন চিকিৎসা সামগ্রীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ইপিনে, AN-32 আৰু C-130 বিমানৰ যোগেদি সাহায্য সামগ্রী তথা জোৱানসকলক অনা-নিয়া কৰা হৈছে। এই বিমানসমূহে সামগ্ৰিকভাৱে উদ্ধাৰকাৰী দলসমূহকে ধৰি ২০০তকৈও অধ...

August 1, 2024 1:42 PM

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৫০ অতিক্ৰম

কেৰালাৰ ৱায়নাডত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যাই ২৫০ অতিক্ৰম কৰিছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে কালি ভূমিস্খলন প্রভাৱিত এলেকাসমূহত আবদ্ধ ১৮৯ জন লোক আৰু চাৰিটা শৱদেহ উদ্ধাৰ কৰা হয়। সেনাবাহিনীৰ দলে আজি পুৱা আট্টামালা, মুণ্ডাক্কি আৰু চুৰামালাত উদ্ধাৰ আৰু সাহায্য অভিযান পুনৰ আৰম্ভ কৰে। উদ্ধাৰ কাৰ্যত প্ৰশিক্ষণপ্রাপ্ত কুকুৰৰ দলৰো সহায় লোৱা হৈছে। কালি মালাপ্পুৰাম জিলাৰ চালিয়াৰ নদীৰ পৰাও বহুকেইটা মৃতদেহ উদ্ধাৰ কৰা হয়। ভূমিস্খলনত ২০০ ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে যদিও এই স...

June 8, 2024 2:51 PM

কেৰালাত পুৱা সংঘটিত এটা শোকাবহ ঘটনাত দুগৰাকী কন্যাসহ এগৰাকী মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু

কেৰালাত আজি নিচেই পুৱা সংঘটিত এটা শোকাবহ ঘটনাত দুগৰাকী কন্যাসহ এগৰাকী মাতৃৰ অগ্নিদগ্ধ হৈ মৃত্যু হয়। মৃত কন্যা দুগৰাকীৰ বয়স ৮ বছৰ আৰু ৫ বছৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ৰাজ্যখনৰ এৰ্নাকুলাম জিলাৰ আংগামেলিত বসবাস কৰা মহিলাগৰাকীৰ ঘৰটোত আকস্মিকভাৱে জুই লগাৰ ফলতে দুৰ্ভাগ্যজনকভাৱে তিনিওৰে মৃত্যু হয়। আৰক্ষীৰ মতে শৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হয়।

May 30, 2024 1:02 PM

দক্ষিণ-পশ্চিম মৌচুমী বায়ু আজি কেৰালাত প্ৰৱেশৰ সম্ভাৱনা

দক্ষিণ-পশ্চিম মৌচুমী বায়ুৱে আজি কেৰালাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি এইবাৰ স্বাভাৱিক সময়, অর্থাৎ ১ জুনতকৈ দুদিন পূর্বেই মৌচুমী বায়ুৰ প্ৰৱেশ ঘটিব। বিভাগে জনোৱা অনুসৰি আজি মৌচুমী বায়ুৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কিছু অংশতো পৰিব পাৰে । আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত বিভাগৰ সঞ্চালক প্ৰধান মুত্যুঞ্জয় মহাপাত্রই কালি এই বিষয়ে জানিবলৈ দিয়ে। বিভাগে কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু মাহেত শুকুৰবাৰৰ পৰা মঙলবাৰ পৰ্যন্ত প্ৰৱল বৃষ্টিপাতৰ...