May 14, 2024 6:22 PM
কেনিয়াৰ বানপীড়িতলৈ ভাৰতৰ পুনৰ ৪০ টন ঔষধ, চিকিৎসা সামগ্ৰী প্ৰেৰণ
ভাৰতে কেনিয়াৰ বানপীড়িতক মানৱীয় সাহায্য প্ৰদানৰ বাবে বায়ুসেনাৰ বিশেষ বিমানৰ জৰিয়তে দ্বিতীয়বাৰলৈ ৪০ টন ঔষধ, চিকিৎসা সামগ্ৰী আৰু অন্যান্য সঁজুলি প্ৰেৰণ কৰিছে। ভাৰতে টেণ্ট, কম্বল, বিদ্যুৎ উৎপাদনৰ ছেট, বেছিক ছেনিটেৰী ইউটিলিটি, হাইজিন কিট, শিশু খাদ্য, মেলেৰিয়া আৰু ডেংগু ডায়েগ্ন’ষ্টিক কিট তথা এনটিভেনম চিকিৎসা সম্বন্ধীয় বিভিন্ন সামগ্ৰী দেশখনলৈ প্ৰেৰণ কৰিছে। নৌসেনাৰ জাহাজ সুমেধাৰ জৰিয়তে প্ৰথমবাৰৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছিল আৰু যোৱা ১০ মে'ত কেনিয়া চৰকাৰক সামগ্ৰীখিনি গতাই দিয়া হৈছিল। উল্লে...