July 12, 2024 1:05 PM

শেহতীয়া বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণ হানি হৈছে

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও ৮৩টা ৰাজহ চক্ৰৰ দুহেজাৰ ৫৪৫ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত ৮৪ জন লোকে প্রাণ হেৰুৱাইছে। কেন্দ্ৰীয় জল আয়োগে জনোৱা মতে যোৰহাটৰ নিমাটিঘাট, শোণিতপুৰৰ তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ, ডিব্ৰুগড়ৰ চেনীমাতি বুঢ়ীদিহিং, শিৱসাগৰৰ নঙলামুৰা ঘাটত দিচাং, কৰিমগঞ্জত কুছিয়াৰা আৰু তিনিচুকীয়া মাৰ...

July 7, 2024 11:39 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাম্প্রতিক বানত ৯০টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সাম্প্রতিক বানত ৯০টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। চৰকাৰী তথ্য অনুসৰি ইয়াৰে চিকিৎসাৰ সময়ত ১১টা সুগৰি পহুৰ মৃত্যু হোৱাৰ লগতে পানীত ডুব গৈ ৬২টাতকৈও অধিক বন্যপ্ৰাণীৰ মৃত্যু হৈছে। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে যাৱতীয় সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৰ্তৃপক্ষই এতিয়ালৈকে প্রায় ৯৫টা জীৱজন্তু উদ্ধাৰ কৰিছে। জীৱজন্তুৰ সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলিত ৩৪টা, কাজিৰঙাত ৫৮টা, বাগৰিত ৩৯টা, বুঢ়াপাহাৰত ২৫টা আৰু বো...

July 6, 2024 12:53 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন চলাচলৰ কিছু সাল সলনি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন চলাচলৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ কিছু সাল সলনি ঘটোৱা হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে যাবলগীয়া যাত্রীবাহী আৰু বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসৰি পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত নুমলীগড় তিনিআলি হৈ বাণিজ্যিক ট্ৰাকৰ প্ৰৱেশত অনুমতি দিয়া হৈছে। ইফালে, পানবাৰী, বোকাখাট আৰু বাগৰিসীমা হৈ বাণিজ্যিক ট্রাকসমূহে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত নিয়ন্ত্রিত গতি...