September 12, 2024 10:14 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। পর্যটন বৰ্ষটোত কঁহৰা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। আনহাতে বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা হৈ জীপ ...

July 20, 2024 7:49 PM

গোলাঘাট জিলাৰ হালধীবাৰীত দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গোলাঘাট জিলাৰ হালধীবাৰী অঞ্চলত বন বিভাগে চলোৱা অভিযানত আজি দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক কৰা হৈছে। ইফালে, বানপানীৰ পৰিপ্ৰেক্ষিতত বন্য প্রাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্রশাসনে ট্রাক চলাচলৰ ক্ষেত্ৰত কেতবোৰ নতুন নির্দেশনা জাৰি কৰিছে। এই অনুযায়ী আজিৰে পৰা পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাজিৰঙাৰ মাজেৰে ট্ৰাকৰ চলাচল স্বাভাৱিকভাৱে হ'ব বুলি নিৰ্দেশনা প্রদান কৰা হৈছে। আনহাতে, সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ট্ৰাকৰ চলাচল সম্পূর্ণ বন্ধ থাক...

May 31, 2024 7:28 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত পৰিছে। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনত আজিৰ পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে।

May 11, 2024 6:20 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱতি নিশা বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত হয়। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰখনৰ পূব প্ৰান্তৰ আগৰাতলী পৰিসৰৰ এৰাসুঁতি ৰঙামতীয়া বন শিবিৰৰ এজাৰ কাঠনি এলেকাত চোৰাং চিকাৰীটো বন কৰ্মীৰ গুলীত নিহত হয়। ইফালে, আন দুটা চোৰাং চিকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। বন বিভাগ আৰু অসম আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা থ্রী নট থ্ৰী ৰাইফলৰ লগতে দুটা খালী কার্টিজ আৰু দুজাঁই সজীব গুলী উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰৰ বিশ্বনাথৰ দিশৰ পৰা ...

April 6, 2024 8:05 PM

অসমৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ কাজিৰঙা সংসদীয় সমষ্টি পৰ্যবেক্ষণ

ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে আজি কাজিৰঙা সংসদীয় সমষ্টিৰ অন্তৰ্গত গোলাঘাট নিৰ্বাচনী জিলাত উপস্থিত হৈ জিলাখনত বিভিন্ন নির্বাচন সম্বন্ধীয় প্ৰস্তুতিৰ বুজ লয়। মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে প্রথমে জিলাখনৰ নিৰ্বাচনী কোষসমূহৰ দায়িত্বত থকা বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হয়। কোষসমূহৰ কামকাজৰ খতিয়ান লৈ বিষয়াগৰাকীয়ে সমাগত নির্বাচন সম্পূর্ণ স্বচ্ছ, দুর্নীতিমুক্ত, শান্তিপূর্ণ তথা সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ সকলোকে আহ্বান জনায়। ইয়াৰ বিষয়াগৰাকীয়ে নিৰ্বাচনী জিলাখনৰ ৱেৰহাউছ, স্ট্রং ৰুম, ...