September 12, 2024 10:14 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পর্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পর্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিছে। পর্যটন বৰ্ষটোত কঁহৰা বনাঞ্চলত মিহিমুখৰ পৰা ডাফলাং হৈ ভৈচামাৰীলৈ পৰ্যটকে জীপ ছাফাৰী কৰিব পাৰিব। আনহাতে বাগৰি বনাঞ্চলত বিমলী তিনিআলিৰ পৰা ডোঙা হৈ জীপ ...

September 8, 2024 11:57 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্রকল্প ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বন বিভাগে এটা বিবৃতিযোগে এইকথা সদৰি কৰিছে। অৱশ্যে মুকলি কৰি দিয়া বিষয়টো বতৰৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কেৱল জীপ ছাফাৰীৰ বাবে মুকলি কৰি দিয়া হ'ব।

July 29, 2024 6:22 PM

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাঘ সংৰক্ষণ সন্দৰ্ভত সজাগতামূলক বিভিন্ন কার্যসূচী অনুষ্ঠিত হয়। আজিৰ দিনটোতে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কাজিৰঙাৰ চাৰিজন বনকৰ্মীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ৫৪ খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ...

July 5, 2024 12:32 PM

সাম্প্ৰতিক বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ অঞ্চল প্লাবিত

ৰাজ্যত বানে জটিলৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বনাঞ্চলসমূহৰ জীৱ- জন্তুৱেও দুর্ভোগ ভুগিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গড়কে ধৰি ১৭ টা জন্তু বানত ডুবি মৃত্যু হোৱাৰ বিপৰীতে বনবিভাগে আন ৭২ টা জন্তুক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৩২ টা বন্য জীৱ সদ্যহতে চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৫ টা জন্তু ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়াও সাম কটা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ ৯০ শতাংশ অঞ্চল প্লাবিত হোৱাৰ পৰিপ্ৰেক্ষি...

June 28, 2024 6:40 PM

সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত তৎপৰতা বৃদ্ধি

সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত তৎপৰতা বৃদ্ধি পোৱাৰ লগতে প্ৰতিটো বিভাগ সষ্টম হৈ উঠিছে। যিকোনো মুহূৰ্ততে উদ্ভৱ হ'ব পৰা বান পৰিস্থিতিৰ বাবে কঁহৰাস্থিত ৰাজ্যিক পশু চিকিৎসালয় সাজু হৈ আছে। চিকিৎসালয়খনে আজি হেল্পলাইন নম্বৰ আৰু বিশেষ বাহন মুকলি কৰিছে। বিপদত পৰা বন্যপ্রাণী দেখিলেই ১৯৬২ নম্বৰত ফোন কৰিলে বন্যার্ত জীৱৰ ওচৰত পশুধন সাৰথি নামৰ বাহনখন উপস্থিত হ'ব বুলি চিকিৎসালয় কর্তৃপক্ষই জানিবলৈ দিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু চিকিৎসক বিশ্বজিৎ বৰুৱাই ৰাইজৰ সহযোগিতা আহ্বান কৰি কৈছে য...

May 31, 2024 7:28 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ আজি অন্ত পৰিছে। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যানখনত আজিৰ পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে।

May 30, 2024 7:01 PM

কাইলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ অন্ত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ কাইলৈ অন্ত পৰিব। এই বৰ্ষটোতে দেশৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী, ভূটানৰ ৰজাকে ধৰি বহুসংখ্যক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই উদ্যাখনত কাইলৈৰ পৰা হাতী ছাফাৰী, জীপ ছাফাৰীৰ লগতে পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে।

May 12, 2024 8:50 PM

১৫ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ

 বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ অহা ১৫ মে'ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বিগত বৰ্ষৰ ১৫ অক্টোবৰত মুকলি হোৱা ২০২৩-২৪ পর্যটন বৰ্ষৰ অহা ১৫ মে'ত অন্ত পৰিব। ইতিমধ্যে যোৱা পহিলা মে'ৰ পৰা উদ্যানখনত হাতী চাফাৰী বন্ধ কৰি দিয়া হৈছে। ২০২৩-২৪ পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। এই পর্যটন বর্ষটোত বৰ্তমানলৈকে ৩০,৯১৯ গৰাকী বিদেশী পর্যটককে ধৰি ৩ লাখ ২৭ হাজাৰ ৪৯০ গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰাৰ তথ্য লাভ কৰা হৈছে। এই সময়ছোৱাত উদ্যা...

May 11, 2024 6:20 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি পুৱতি নিশা বন কৰ্মীৰ গুলীত এটা চোৰাং চিকাৰী নিহত হয়। বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰখনৰ পূব প্ৰান্তৰ আগৰাতলী পৰিসৰৰ এৰাসুঁতি ৰঙামতীয়া বন শিবিৰৰ এজাৰ কাঠনি এলেকাত চোৰাং চিকাৰীটো বন কৰ্মীৰ গুলীত নিহত হয়। ইফালে, আন দুটা চোৰাং চিকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সমৰ্থ হয়। বন বিভাগ আৰু অসম আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা থ্রী নট থ্ৰী ৰাইফলৰ লগতে দুটা খালী কার্টিজ আৰু দুজাঁই সজীব গুলী উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ পাৰৰ বিশ্বনাথৰ দিশৰ পৰা ...

April 26, 2024 11:45 AM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনসূচী ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে বন্ধৰ ঘোষণা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনসূচী ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে বন্ধৰ ঘোষণা কৰি হৈছে। সেই অনুসৰি পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতী ছাফাৰী অহা এক মে'ৰ পৰা আৰু জীপ ছাফাৰী ১৬ মে’ৰ পৰা বন্ধ ৰখা হ'ব। প্ৰতিকূল বতৰ আৰু বাট-পথৰ অসূচল অৱস্থাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্ধৃতিৰে আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে।