September 14, 2024 8:21 PM
আজি চাহ জনগোষ্ঠীয় লোকসকলৰ কৃষি ভিত্তিক উৎসৱ কৰম পৰৱ পালন
ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসকলে আজি কৃষি ভিত্তিক উৎসৱ কৰম পৰৱ পালন কৰে। কৃষিকাৰ্য সুকলমে সম্পন্ন কৰাৰ বাবে চাহ জনগোষ্ঠীৰ লোসকলে এই পূজা বা পৰৱ পালন কৰে। এই উপলক্ষে জনগোষ্ঠীটোৰ যুৱক-যুৱতীসকলে ঝুমুৰ নৃত্য পৰিবেশন কৰি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে। এই পূজাৰ সৈতে জনগোষ্ঠীটোৰ পৰম্পৰাগত কলা সংস্কৃতি, ৰীতি নীতি আদি জড়িত হৈ আছে। কৃষিভূমিৰ উৰ্বৰতা আৰু শস্যৰ শ্ৰীবৃদ্ধি কামনাৰে পালন কৰা এই পূজা ৩ দিন, ৫ দিন বা সাদিনীয়াকৈ পালন কৰা হয় ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰম পৰৱ উপলক্ষে চাহ জনগোষ্ঠীয় লোকসকলৰ ল...