September 1, 2024 8:19 PM

ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ সপ্তম প্রতিষ্ঠা দিৱস পালন

ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ আজি সপ্তম প্রতিষ্ঠা দিৱস উপলক্ষে যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই সৰল আৰু সুলভ সেৱাৰ জৰিয়তে বিত্তিয় অন্তৰ্ভুক্তিৰ লক্ষ্যত উপনীত হোৱাত বেংকটোৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে । সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপ মুকলি কৰাৰে পৰা ৯ কোটি ৮৮ লাখ ভাৰতীয়ই বেংক একাউণ্ট মুকলি কৰিছে। বিভিন্ন আঁচনিৰ ৪৫ হাজাৰ কোটি টাকৰ বিত্তিয় লাভ হিতাধিকাৰীসকললৈ আগবঢ়োৱা হৈছে বুলিও তেওঁ সদৰী কৰে। তেওঁ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰ...

July 13, 2024 12:39 PM

উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছেঃ সিন্ধিয়া

■ উত্তৰ-পূবক দেশৰ উন্নয়নৰ দুৱাৰমুখ হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি গুৱাহাটীত প্ৰকাশ কৰে। দুদিনীয়া ভ্রমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই আজি গুৱাহাটীৰ নেডফি হাউচ পৰিদৰ্শন কৰি বিষয়াসকলৰ সৈতে উদ্যোগীকৰণ আৰু ষ্টার্টআপক অধিক প্ৰসাৰিত কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব। উল্লেখযোগ্য যে, কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণৰ সময়ছোৱাত...